ETV Bharat / state

কৃষিৰে স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টাত ব্ৰতী বিলাসীপাৰাৰ যুৱক

সমগ্ৰ ৰাজ্যত নিবনুৱা সমস্যাই শিক্ষিত যুৱক-যুৱতীসকলক হতাশাগ্ৰস্ত কৰি তোলাৰ সময়তে বিলাসীপাৰাৰ এজন যুৱকে দাঙি ধৰিলে স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন ৷ এবিঘা মাটিত আৰম্ভ কৰা কৃষিকৰ্মৰে স্বাৱলম্বী হোৱাৰ উপৰিও আন কেইবাজনকো সংস্থাপনৰ পথ দিলে যুৱকজনে ৷

author img

By

Published : Jun 5, 2021, 12:32 PM IST

educated-youth-setting-example-of-self-employment-through-farming-works
কৃষিকৰ্মৰ জৰিয়তে শিক্ষিত নিবনুৱাই ডাঙি ধৰিলে স্বাৱলম্বিতাৰ নিদৰ্শন

পশ্চিম বিলাসীপাৰা,5 জুন: বিলাসীপাৰাত কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে এজন শিক্ষিত নিবনুৱাই ৷ নিজৰ এবিঘা ভূমিত বিভিন্ন ফল-মূলৰ খেতি কৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লাখ লাখ টকা ৷ বছৰৰ পাছত বছৰ চৰকাৰী চাকৰি এটাৰ পাছত সময় অতিবাহিত নকৰি কৃষিকৰ্মৰেও যে স্বাৱলম্বী হ’ব পাৰি সেই বাৰ্তা বিলাইছে যুৱকজনে ৷

উল্লেখ্য যে, পশ্চিম বিলাসীপাৰা সমষ্টিৰ অন্তৰ্গত ছোট গিৰাইৰ গাঁৱৰ মফিদুল হক নামৰ যুৱকজনে উচ্চতৰ মাধ্যমিক শিক্ষা সাং কৰি ২০১৪ চনৰ পৰা কৃষিকৰ্মত মনোনিৱেশ কৰি গাঁৱখনত থকা এবিঘামান মাটিত নেমু, গোলাপ জাম, আম, অমিতা, মৌচুমী, আদি গছ ৰোপণ কৰি স্বাৱলম্বী হৈ পৰিছে ৷ এই বাগানখনক ভিত্তি কৰিয়েই বৰ্তমান তেওঁ বছৰত প্ৰায় পাঁচ লাখ টকা পৰ্যন্ত আয় কৰিব পাৰিছে বুলি সদৰী কৰিছে ৷

ইফালে, বাগানখনৰ আৰু অধিক উন্নয়ন কৰাৰ বাবে যুৱকজনে বিলাসীপাৰাৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিছিল যদিও কৃষি বিষয়াই কৃষকজনক কোনো সহায়ৰ হাত আগবঢ়োৱা নাই বুলিও অভিযোগ কৰে ৷ কোনো ধৰণৰ চৰকাৰী সহায় সাহায্য অবিহনে যুৱকজনে নিজে স্বাৱলম্বী হোৱাৰ লগতে এই বাগানখনত আন কেইবাজনকো আত্ম-সংস্থাপনৰ পথ দেখুৱাইছে ৷ শিক্ষিত নিৱনুৱাসকলক চৰকাৰী চাকৰিৰ বাবে মন্ত্ৰী-বিধায়কৰ দুৱাৰে দুৱাৰে দৌৰি ফুৰাৰ পৰিৱৰ্তে এইদৰে স্বাৱলম্বী হ’বলৈকো আহ্বান জনালে যুৱকজনে ৷

লগতে পঢ়ক: বক্সাৰ শিৱ থাপালৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে তিনিলাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.