ETV Bharat / state

মানকাচৰত মহিলাসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক আটক - ভাৰত-বাংলা সীমান্তৰে ড্ৰাগছ সৰবৰাহ

ধুবুৰীৰ মানকাচৰত নিচাযুক্ত দ্ৰব্যৰ সৈতে মহিলাসহ চাৰিজনক আটক ৷ সম্প্ৰতি ভাৰত-বাংলা সীমান্তৰে ড্ৰাগছ জাতীয় বিভিন্ন প্ৰকাৰৰ নিচা জাতীয় দ্ৰব্য বাংলাদেশলৈ চোৰাং ভাৱে চালান দিয়া এটা চক্ৰ সক্ৰিয় হৈ পৰিছে ৷

মানকাচাৰত মহিলাসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক আটক
author img

By

Published : Nov 1, 2019, 9:10 PM IST

ধুবুৰী, 1 নৱেম্বৰঃ ধুবুৰীৰ মানকাচৰত নিচাযুক্ত দ্ৰব্যৰ সৈতে পুৰুষ-মহিলাসহ চাৰিজনক আটক ৷ মানকাচৰৰ ভাৰত-বাংলা সীমান্তত মাৰাত্মক ড্ৰাগছ সৰবৰাহত জড়িত হৈ পৰিছে একাংশ মহিলা ৷ সম্প্ৰতি ভাৰত-বাংলা সীমান্তৰে ড্ৰাগছ জাতীয় বিভিন্ন প্ৰকাৰৰ নিচা জাতীয় দ্ৰব্য বাংলাদেশলৈ চোৰাং কৈ চালান দিয়া এটা চক্ৰ সক্ৰিয় হৈ পৰিছে ৷ চক্ৰটোৱে এই অবৈধ বেহাত সহযোগী হিচাপে লৈছে একাংশ মহিলাক ৷ মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত মানকাচৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত যোৱা নিশা অভিযান চলাই ছাব্বিৰ হুছেইন নামৰ ধৃত ব্যৱসায়ীজনৰ ঘৰৰ পৰা নিচাযুক্ত সামগ্ৰীখিনি জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক আটক কৰে ৷ আটকাধীন সৰবৰাহকাৰী কেইজন মানকাচাৰৰ বিল্লাল খন্দকাৰৰ পুত্ৰ মহম্মদ হাছান খন্দকাৰ, আতাবৰ ৰহমানৰ পুত্ৰ জাৰ্জ মিঞা, জাৰ্জ মিঞাৰ পত্নী চায়না বেগম আৰু পলাতক ছাব্বিৰ হুছেইনৰ পত্নী আকলিমা হুছেইন ৷ বৰ্তমান মানকাচৰ আৰক্ষীয়ে সৰবৰাহকাৰী চাৰিজনক মাৰাথন জেৰা অব্যাহত ৰখাৰ লগতে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

মানকাচাৰত মহিলাসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক আটক

আৰু পঢ়কঃ নলবাৰীৰ পদ পথৰ কুকুৰক খাদ্যৰ যোগান স্বেচ্ছাসেৱী সংগঠনৰ

Intro:মাৰাত্মক ড্ৰাগছৰ চোৰাং সৰবৰাহত জড়িত হৈ পৰিছে একাংশ মহিলা। আৰক্ষীৰ অভিযানত মানকাচৰত ড্ৰাগছজাতীয় দ্ৰব্য সহ গ্ৰেপ্তাৰ পুৰুষ মহিলা সহ চাৰিজন।Body: মানকাচৰ ভাৰত বাংলা সীমান্তত একাংশ মহিলা জড়িত হৈ পৰিছে মাৰাত্মক ড্ৰাগছৰ সৰবৰাহত। ভাৰত বাংলা সীমান্তৰে ড্ৰাগছ জাতীয় বিভিন্ন প্ৰকাৰৰ ঔষধ বাংলাদেশলৈ চোৰাং চালান দিয়া এটা চক্ৰ সক্ৰিয় হৈ পৰিছে। চক্ৰটোৱে সম্প্ৰতি এই অবৈধ কাৰবাৰত সহযোগী হিচাপে লৈছে একাংশ মহিলাক। তেনে এক গোপন খবৰৰ ভিত্তিত মানকাচৰত যোৱা নিশা অভিযান চলাই ড্ৰাগছজাতীয় দ্ৰব্য সহ চাৰিজনকৈ পুৰুষ মহিলাক আটক কৰে মানকাচৰ আৰক্ষীয়ে। জানিব পৰা মতে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসে অভিযান চলাই মানকাচৰৰ ছাব্বিৰ হুছেইনৰ ঘৰৰ পৰা ১৩৮ টা কফ ছিৰাপ আৰু ১১৯৫ টা Aks Proimeven Capsule সহ চাৰিজনকৈ নিচাজাতীয় দ্ৰব্য সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। আটক সৰবৰাহকাৰী কৈইজন মানকাচৰস্থিত বিল্লাল খন্দকাৰৰ পুত্ৰ মহম্মদ হাছান খন্দকাৰ(২২), আতাবৰ ৰহমানৰ পুত্ৰ জাৰ্জ মিঞা(৩৫), জাৰ্জ মিঞাৰ পত্নী চায়না বেগম(২৪) আৰু পলাতক ছাব্বিৰ হুছেইনৰ পত্নী আকলিমা হুছেইন। Conclusion:মানকাচৰ আৰক্ষীয়ে আটক নিচাজাতীয় দ্ৰব্য সৰবৰাহকাৰী চাৰিজনক মাৰাথন জেৰা অব্যাহত ৰখাৰ বিপৰীতে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে মানকাচৰ আৰক্ষীয়ে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.