ETV Bharat / state

ড্ৰাগছসহ পাঁচ সৰবৰাহকাৰীক আটক গোলকগঞ্জ আৰক্ষীৰ

author img

By

Published : Jun 21, 2021, 11:03 PM IST

গোলকগঞ্জ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ সোমবাৰে এক অভিযান চলাই পাঁচজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ ছাগলীয়াৰ পৰা হালাকুৰা অভিমুখে AS-01WB-2371 নম্বৰৰ এখন বাহনত আহি আছিল ড্ৰাগছ সৰবৰাহকাৰী কেইজন ৷

drugs padler arrested in hulakganj
ড্ৰাগছ সহ পাঁচ সৰবৰাহকাৰীক আটক গোলকগঞ্জ আৰক্ষীৰ

গোলকগঞ্জ, 21 জুন : ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে গোলকগঞ্জ আৰক্ষীয়ে ৷ সোমবাৰে এক অভিযান চলাই পাঁচজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে, গোলকগঞ্জ আৰক্ষীয়ে এই ড্ৰাগছ সৰবৰাহকাৰী কেইজন গৰু ব্যৱসায়ীৰ লগতো জড়িত বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ জানিব পৰা মতে, অসম-বংগ সীমান্তৰ হালাকুৰাত এক গোপন সূত্ৰ পম খেদি অভিযান চলাইছিল গোলকগঞ্জ আৰক্ষীয়ে ৷

অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ পাঁচ সৰবৰাহকাৰীক আটক কৰে গোলকগঞ্জ আৰক্ষীয়ে ৷ ছাগলীয়াৰ পৰা হালাকুৰা অভিমুখে AS-01WB-2371 নম্বৰৰ এখন বাহনত আহি আছিল ড্ৰাগছ সৰবৰাহকাৰী কেইজন ৷ ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে আনোৱাৰ শ্বেখ, নছেৰুদ্দিন, আলী হুছেইন, আব্দুল কৰিম আৰু মনোজ ৰায় ৷ সৰবৰাহকাৰী পৰা 12 গ্ৰাম ব্ৰাউন চুগাৰ সহ 200 টা নিচা জাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে জিলাই জিলাই ড্ৰাগছ, চিণ্ডিকেট অবৈধ সৰবৰাহ আদিৰ বিৰুদ্ধে আৰক্ষী সৰব হৈ পৰা পৰিলক্ষিত হৈছে ৷ ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে গৰুৰ চোৰাং বেহাৰ সৈত জড়িত বহু কেইটা মাফিয়া জালত পৰিছে আৰক্ষীৰ ৷ তাৰোপৰি এনে ধৰণৰ কাৰোবাৰৰ সৈতে জড়িত কেইবাজনো আৰক্ষীৰ লোককো সোধ পোচৰ বাবে আটক তথা নিলম্বন কৰা হৈছে ৷ অপৰাধৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তয়ো ৷

লগতে পঢ়ক: মঙলবাৰৰ পৰা আৰম্ভ অম্বুবাচী: জনশূন্য কামাখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.