ETV Bharat / state

চাপৰত বৃহৎ পৰিমাণৰ ক'ফ চিৰাপ সহ তিনি সৰবৰাহকাৰীক আটক

author img

By

Published : Aug 17, 2021, 5:18 PM IST

চাপৰ আৰক্ষী আৰু CRPF C-48 বেটেলিয়নৰ এক যৌথ অভিযান ৷ অভিযানত হাতীপোতাৰ এখন ফাৰ্মাচীৰ পৰা জব্দ কৰা হয় ১০ কাৰ্টুন নিষিদ্ধ ক'ফ চিৰাপ ৷

Three suppliers of cough syrup arrested by chapar police
চাপৰত বৃহৎ পৰিমাণৰ ক'ফ চিৰাপ সহ তিনি সৰবৰাহকাৰীক আটক

পূব বিলাসীপাৰা, 17 আগষ্ট : চাপৰ আৰক্ষী আৰু CRPF ৰ C-48 বেটেলিয়নৰ এক যৌথ অভিযানত বৃহৎ পৰিমাণৰ নিচা জাতীয় সমগ্ৰী জব্দ কৰা হৈছে ৷ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত হাতীপোচাৰ অঞ্চলত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযান ৷

এক গোপন সূত্ৰৰ পম খেদি চাপৰ আৰক্ষীয়ে চলোৱা এই অভিযানত হাতীপোতাৰ এখন ফাৰ্মাচীৰ পৰা জব্দ কৰা হয় ১০ কাৰ্টুন নিষিদ্ধ ক'ফ চিৰাপ । আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে, অভিযানত দুই কাৰ্টন ক'ফ চিৰাপ আৰু এক কাৰ্টন নিচাজাতীয় টেবলেট সহ দুই সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ ইয়াৰ লগতে অভিযানত চাপৰ আৰক্ষীয়ে দুই সৰবৰাহকাৰীৰ পৰা AS-17H-1357 নম্বৰৰ এখন বাহন আৰু এখন ভুট-ভুটি নাও জব্দ কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক: মানৱাধিকাৰ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াক সমন্বিত যুৱ তীৰ্থৰ মুখ্য উপদেষ্টাৰ দায়িত্ব

আৰক্ষীয়ে আটক কৰা দুই সৰবৰাহকাৰী ক্ৰমে আব্দুল মতলেৱ আৰু হাসেম আলী বুলি জানিব পৰা গৈছে ৷ এই দুই সৰবৰাহকাৰীক জেৰাৰ পাচতে আৰু বহুকেইটা বিস্ফোৰক তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ চাপৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে সদৰি কৰা মতে, আৰক্ষীয়ে চলোৱা জেৰাত দুই সৰবৰাহকাৰীয়ে আন এজন লোক জড়িত থকাৰ কথা স্বীকাৰ কৰাৰ লগতে এখন ফাৰ্মাচীৰ নামো উল্লেখ কৰে ৷

সৰবৰাহকাৰী দুটাই দিয়া স্বীকাৰুক্তিৰ পাচতে চাপৰ আৰক্ষীয়ে দুয়োকে লগত লৈ ফাৰ্মাচীখনত চলালে অভিযান ৷ সেই অভিযানত ফাৰ্মাচীখনৰ পৰা ১০ কাৰ্টুন ক’ফ চিৰাপৰ লগতে ফাৰ্মাচীৰ মালিক গিয়াসউদ্দিন নামৰ লোকজনক আটক কৰে আৰক্ষীয়ে ৷ গিয়াসউদ্দিনৰ নেতৃত্বতে নিচাজাতীয় সমাগ্ৰীৰ এখন বৃহৎ কলা বজাৰ চলি অহাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, চাপৰ আৰক্ষীয়ে জব্দ কৰা এই নিচাজাতীয় সামগ্ৰীৰ মুঠ পৰিমাণ হৈছে ১২ কাৰ্টুনত ১৭২৮ টা ক'ফ চিৰাপ আৰু টেৱলেট ১১ হাজাৰ ৫০০ টা । সামগ্ৰীখিনিৰ বজাৰ মুল্য প্ৰায় লক্ষাধিক হ'ব বুলি অনুমান কৰিছে আৰক্ষীয়ে ৷ আটক কৰা নিচাজাতীয় সামগ্ৰীৰ তিনি ব্যৱসায়ীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: APSC কেলেংকাৰী : পুনৰ পাঁচগৰাকী বিষয়ালৈ জাননী ন্যায়াধীশ শৰ্মা আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.