ETV Bharat / state

Police encounter at Dhubri: ধুবুৰীত অসম আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া

author img

By

Published : Jan 23, 2022, 8:31 PM IST

পুনৰ অসম আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া । এইবাৰ ধুবুৰীত অসম আৰক্ষীৰ এনকাউণ্টাৰ (Assam Police encounter at Dhubri)। গুলীবিদ্ধ ড্ৰাগছ মাফিয়া ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ।

Police encounter at Dhubri
ধুবুৰীত অসম আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া

ধুবুৰী, ২৩ জানুৱাৰী : অসম আৰক্ষীৰ এনকাউণ্টাৰক লৈ সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে ধুবুৰীত পুনৰ আৰক্ষীৰ গুলীচালনা । আৰক্ষীৰ এনকাউণ্টাৰত এইবাৰ গুলীবিদ্ধ হ'ল কুখ্যাত ড্ৰাগছ মাফিয়া বেল্লাল শেখ (Assam Police encounter at Dhubri)। নিশা ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষীয়ে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ, নিচা জাতীয় টেবলেট, কফ চিৰাফসহ গ্ৰেপ্তাৰ কৰে ড্ৰাগছ মাফিয়া বেল্লাল শেখক । ধুবুৰীৰ চৈধ্য নম্বৰ ৱাৰ্ডৰ আই জি ৰোডস্থিত বেল্লাল শেখৰ নিজা বাসগৃহত ধুবুৰী আৰক্ষীৰ ৰাইডাৰ পাৰ্টিক লগত লৈ কলেজ নগৰ আৰক্ষীয়ে অভিযান চলায় ।

জানিব পৰা মতে গোপন খবৰৰ ভিত্তিত বেল্লাল শেখক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ইফালে ড্ৰাগছ মাফিয়াৰ পৰা অধিক তথ্য সংগ্ৰহ লগতে তেওঁৰ সহযোগীসকলক বিচাৰি নিশা পুনৰ বেল্লাল শেখক লগত লৈ আৰক্ষীৰ এটা দলে অভিযান চলায় । ধুবুৰী জিলা আৰক্ষী অধীক্ষক অভিজিৎ গুৰৱে জনোৱা মতে গৌৰীপুৰৰ এটা অঞ্চলত অভিযান চলোৱাৰ সময়তে এগৰাকী কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে ড্ৰাগছ মাফিয়া বেল্লাল শেখে ।

বেল্লালক কৰায়ত্ত্ব কৰাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় বুলি এক বিবৃত্তি যোগে আৰক্ষীয়ে সদৰি কৰিছে । আৰক্ষীৰ গুলীচালনাত বাওঁ ভৰিত গুলী লাগে বেল্লাল শেখৰ (Drug mafia shot by police in Dhubri)। বৰ্তমান গুলীবিদ্ধ ড্ৰাগছ মাফিয়াজন ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।

আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে ড্ৰাগছ মাফিয়া বেল্লালৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী থানাত এন ডি পি এছ আইন আৰু ভাৰতীয় দণ্ডবিধি আইনৰ বিভিন্ন ধাৰাত ৪ টাকৈ গোচৰ ৰুজু হৈ আছে । ড্ৰাগছ মাফিয়া বেল্লাল শেখক ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পাছত নিশা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয় যদিও ৰহস্যজনকভাৱে সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকে ধুবুৰী আৰক্ষী ।

লক্ষণীয় বিষয় যে, বৰ্তমানলৈকে ধুবুৰী জিলাত ৭ টাকৈ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে । ইয়াৰ তিনিটাকৈ এনকাউণ্টাৰ গো-মাফিয়া আৰু চাৰিটা ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে । আনহাতে জিলাখনত ড্ৰাগছ আৰু গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে চলা অভিযানত মুঠ ২৭ টাকৈ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে বুলিও উল্লেখ কৰে জিলা আৰক্ষী অধীক্ষক অভিজিৎ গুৰৱে ।

উল্লেখ্য যে, ড্ৰাগছ তথা গো-মাফিয়া পলাবলৈ চেষ্টা কৰিলেই আৰক্ষীয়ে ধাৰাবাহিক এনকাউণ্টাৰ কৰি গৈছে । কিন্তু সেয়া জানিও কিয় বাৰে বাৰে পলায়নৰ চেষ্টা কৰিছে অপৰাধীসকলে ? সচেতন মহলত এতিয়া এই প্ৰশ্নৰ উদয় হৈছে !

লগতে পঢ়ক : Student Leader Shot by Police in Nagaon: আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক ৰিৰ্জাভ ক্লজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.