ধুবুৰী, 16 মে': ধুবুৰীৰ গৌৰীপুৰৰ শ্যাম চৰণেৰকুটি গাঁৱৰ দুই যমজ ভাতৃৰ সাফল্য। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে জাফৰ আলীৰ দুই যমজ পুত্ৰ ইমৰাণ আলী আৰু চিমৰাণ আলী।
দৈনিক হাজিৰা কৰি পোৱা ২০০/২৫০ টকাৰে পাঁচজনীয়া পৰিয়ালক পোহপাল দিয়াৰ চেষ্টা কৰিছে পিতৃয়ে ৷ আনকি দিন হাজিৰা কৰি জমা কৰা ধনেৰে পিতৃ মাতৃকো সহায় কৰি আহিছে দুই ভাতৃ ইমৰাণ আৰু চিমৰাণে। ইপিনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কমাৰ্চ কলেজত নাম লগাই বেংকত চাকৰি কৰাৰ সপোন ৰচিছে ইমৰাণ আৰু চিমৰাণে। কিন্তু নাম ভৰ্তিৰ লগতে কিতাপ বহী আৰু যাৱতীয় খৰচৰ বাবে আজিও দিন হাজিৰা কৰিব লগীয়া হৈছে দুই মেধাৱী ভাতৃয়ে। পিতৃয়ে সংবাদ মাধ্যমৰ জৰিয়তেই উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহাৰ্য বিচাৰিছে চৰকাৰৰ পৰা ৷