ধুবুৰী,2 ফেব্ৰুৱাৰী: উন্নয়ন আৰু পৰিৱৰ্তনৰ শ্ল'গানেৰে দিছপুৰ দখল কৰা সোণোৱাল চৰকাৰে এতিয়া পাহৰিছে উন্নয়নৰ কথা । ইয়াৰ এক বাস্তৱ উদাহৰণ দক্ষিণ শালমাৰা আৰু জলেশ্বৰত । ৰাইজে গড়কপ্তানী পথ মেৰামতিৰ বাবে বহুৱালে টোলগেট ।
অতি দুৰ্বিসহ অৱস্থাত আছে দক্ষিণ শালমাৰা আৰু জলেশ্বৰ বিধানসভা সমষ্টি সংলগ্ন একমাত্ৰ গুৰুত্বপূৰ্ণ পথটো । বৃহত্তৰ দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ ৰাইজে স্থল পথেৰে বহিঃবিশ্বৰ সৈতে যোগাযোগৰ এক মাত্ৰ পথ হৈছে উক্ত গড়কপ্তানী পথ । সুদীৰ্ঘ বছৰে জৰাজীৰ্ণ হৈ থকা পথটো বিগত বৰ্ষৰ বানৰ সোঁতে নিচিহ্ন কৰিছে গড়কাপ্তানী পথৰ ৰূপ ৰেখা । ইপিনে এইক্ষেত্ৰত গড়কপ্তানী বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ ফলত ৰাইজে হাতে কামে লাগি মেৰামতি কৰি লৈছে এই ব্যস্ততাপূৰ্ণ গড়কপ্তানী পথটো । যান বাহনৰ চালক সকলে মিলি স্থানীয় একাংশ লোকক তিনি হাজাৰ টকা দি পথটো মেৰামতি কৰাই লৈছে । ইপিনে পথটো ঠিক কৰি ৰখাৰ বাবে স্থানীয় একাংশ লোকে প্ৰতিখন মটৰ চাইকেলকে ধৰি সকলো যান বাহনৰ পৰা টকা আদায় কৰিছে । অসম চৰকাৰৰ গড়কপ্তানী পথত যেন আন এখন টোল গেট।
এনে পৰিস্থিতিৰ পিছতো অসম চৰকাৰৰ গড়কাপ্তানী বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকাৰৰ সমান্তৰাল ভাৱে একপ্ৰকাৰ নিৰুদ্দেশ হৈ আছে দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক আৰু জলেশ্বৰ সমষ্টিৰ বিধায়ক । একেদৰে খবৰ নাই ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলৰ । যাৰ বাবে ক্ষুন্ন হৈ পৰিছে স্থানীয় সচেতন মহল তথা দল সংগঠন।