ETV Bharat / state

ধুবুৰীত উপস্থিত হৈ অনুপ চেতিয়াই কি ক'লে ?

ধুবুৰীত পুৰণি স্মৃতি ৰোমন্থন কৰিলে আলফা নেতা অনুপ চেতিয়াই

author img

By

Published : Mar 24, 2019, 11:25 PM IST

ধুবুৰীত পুৰণি স্মৃতি ৰোমন্থন কৰিলে আলফা নেতা অনুপ চেতিয়াই

ধুবুৰী, ২৪ মাৰ্চ : দেওবাৰে ধুবুৰীৰ আগমণি অঞ্চলত উপস্থিত হয় আলফা নেতা অনুপ চেতিয়া । আলফা নেতাগৰাকীয়ে অঞ্চলটোত উপস্থিত হৈ ইটিভি ভাৰতৰ সাংবাদিকৰ সন্মুখতৰোমন্থন কৰে পুৰণি সংগ্ৰামী জীৱনৰ স্মৃতি । স্বাধীন অসমৰ দাবীত আলফা স্বাধীনে সংগ্ৰাম চলাই অহাৰ প্ৰথম সময়চোৱা অৰ্থাৎ ৯০ৰ দশকত ধুবুৰীৰ গোলকগঞ্জ আগমণি আদি অঞ্চলত আলফাৰ নেতা আৰু কেডাৰসকলে বাহৰ পাতি থকাৰ কথা উল্লেখ কৰে ।

লগতে, ১৯৯২ চনত ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ জিনকাটা আঞ্চলত প্ৰথমবাৰৰ বাবে আলফাৰ প্ৰতিষ্ঠা দিৱস পালন কৰি আলফা নেতা অনুপ চেতিয়া সহ কেডাৰ সকলে বাংলাদেশলৈ গৈছিল বুলিও মত প্ৰকাশ কৰে । ইপিনে আলোচনাপন্থী আলফাৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ মাজত আলোচনা বৰ্তমানেও সম্ভৱ হৈ উঠা নাই যদিও আগন্তুক চৰকাৰৰ লগত এই বিষয়ে নিশ্চয় আলোচনা কৰা হ'ব বুলি জনায় আলফা নেতাগৰাকীয়ে ।

উল্লেখযোগ্য যে ধুবুৰীৰ আগমণিৰ বেলগুড়িত অনুষ্ঠিত সদৌ অসম গৰীয়া,মৰিয়া,দেশী জাতীয় পৰিষদৰ এখন সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিবলৈ গৈ আলফা নেতা অনুপ চেতিয়াই পুৰণি সংগ্ৰামী স্মৃতি মনত পেলাই এক প্ৰকাৰ আনন্দিত হৈ পৰে ।

Intro: সংগ্ৰামী স্মৃতি বিজড়িত অঞ্চলত অনুপ চেতিয়া। ধুবুৰীৰ আগমণি অঞ্চলত উপস্থিত হৈ আলফা নেতাই কলে পুৰণি সংগ্ৰামী জীৱনৰ ইতিহাস।

Body: সংগ্ৰামী স্মৃতি বিজড়িত অঞ্চলত অনুপ চেতিয়া। ধুবুৰীৰ আগমণি অঞ্চলত উপস্থিত হৈ আলফা নেতাই কলে পুৰণি সংগ্ৰামী জীৱনৰ ইতিহাস। স্বাধীন অসমৰ দাবীত আলফা স্বাধীনে সংগ্ৰাম চলাই অহাৰ প্ৰথম সময়চোৱাত ৯০ৰ দশকত ধুবুৰীৰ গোলকগঞ্জ আগমণি আদি অঞ্চলত বাঁহৰ পাতি আছিল আলফাৰ নেতা আৰু কেডাৰ সকলে। অনুপ চেতিয়াই আজি আগমণি অঞ্চলত উপস্থিত হৈ সেই পুৰণি স্মৃতিবোৰ মনত পেলাই। অঞ্চলবাসীৰ সৈতে মত বিনিময় কৰে অনুপ চেতিয়াই। ১৯৯২ চনত ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ জিনকাটা আঞ্চলত প্ৰথমবাৰ আলফাৰ প্ৰতিষ্ঠা দিৱস পালন কৰি বাংলাদেশলৈ গৈছিল আলফা নেতা অনুপ চেতিয়া সহ কেডাৰ সকলে। উন্মুক্ত সীমান্তইদি বাংলাদেশৰ কুৰিগ্ৰাম জিলালৈ গৈছিল আলফাৰ দলটো। সেই সময়ৰ পুৰণি সকলো স্মৃতি কৈ গল আলফা নেতা অনুপ চেতিয়াই।

ইপিনে আলোচনা পন্থী আলফাৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ মাজত চলি থকা আলোচনা সম্পূৰ্ণ নৌহওতেই লোকসভা নিৰ্বাচন আহিল। সেই ক্ষেত্ৰত নৰেন্দ্ৰ মোডী চৰকাৰে আলোচনাৰ নামত প্ৰতাৰণা কৰিলে নেকি বুলি প্ৰশ্ন কৰাত ২০১৯ ৰ ভিতৰত চুক্তি হোৱাৰ আশা প্ৰকাশ কৰিছিল আলোচনা পন্থী আলফাই যদিওঁ শেহতীয়াকৈ নোৱাৰিলে নৰেন্দ্ৰ মোডী চৰকাৰে। যদিওঁ আশা এৰা নাই আলফা নেতা অনুপ চেতিয়াই। আগন্তুক দিনত কেন্দ্ৰত যি চৰকাৰ আহিব সেই চৰকাৰৰ দিনতে আলোচনা অৰ্থাৎ চুক্তি হোৱাৰ আশা প্ৰকাশ কৰিছে আলফা নেতা অনুপ চেতিয়াই।

Conclusion: উল্লেখযোগ্য যে, ধুবুৰীৰ আগমণিৰ বেলগুড়িত অনুষ্ঠিত সদৌ অসম গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ এখন সভাত মুখ্য অতিথি হিচাপে অংশ লবলৈ গৈ পুৰণি সংগ্ৰামী স্মৃতি মনত পেলাই এক প্ৰকাৰ আনন্দিত হৈ পৰে আলফা নেতা অনুপ চেতিয়াই।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.