ধুবুৰী, 8 অক্টোবৰ : যিকোনো উৎসৱৰ সময়ত সকলোৱে নিজৰ পৰিয়ালৰ সৈতে থাকি উৎসৱ পালন কৰিব বিচাৰে। যদিও এয়া সম্ভৱ হৈ নুঠে আৰক্ষীৰ বাবে । বিহু, পূজা বা ঈদেই নহওঁক কিয় দিনে নিশাই কৰ্তব্যৰ মাজতে সময় কটাবলগীয়া হয় আৰক্ষীয়ে । সেয়েহে ১৯৫৫ চনৰ পৰাই ধুবুৰী আৰক্ষী পৰিয়ালৰ বাবে আয়োজন কৰি আহিছে সাৰ্বজনীন দুৰ্গাপূজাৰ । এই নৱমীৰ নিশা আৰক্ষী চাউনী খেল পথাৰত আৰতি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে । য'ত বহু কেইজন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ বিজেতাক ট্ৰফীৰ লগতে নগদ আঠ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হয় আৰক্ষীৰ তৰফৰ পৰা । অনুষ্ঠানটোত উপস্থিত থকা জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাই কয়,
"আৰক্ষীৰ পৰিয়াল হৈছে দুটা। এটা পৰিয়ালত মাক দেউতা আৰু ভাই ভনীয়েক থাকে। আনটো পৰিয়াল আছে কৰ্তব্যস্থলীৰ আৰক্ষী পৰিয়াল । সেয়ে পূজাৰ সময়ত ঘৰলৈ মনত পৰিলেও তাৰ মাজেদিয়েই কৰ্তব্য পালন কৰিব লাগিব ৷"
লক্ষণীয় নিজ কতৰ্ব্যৰ মাজেদিয়েই আৰক্ষীৰ পোচাক পিন্ধিয়েই পূজা উপভোগ কৰিছে আৰক্ষীয়ে । পূজাৰ আনন্দৰ সময়তে নিজৰ পৰিয়ালক সময় দিব পৰা নাই ৰাইজৰ সেৱা আগবঢ়াই অহা আৰক্ষী প্ৰশাসনৰ বিষয়া আৰু জোৱান সকলে । এওঁলোকৰ এই ত্যাগৰ বাবে আজি আমি শান্তিৰে উপভোগ কৰিব পাৰিছো শাৰদীয় দুৰ্গা পূজাৰ আনন্দ ৷