ETV Bharat / state

ধুবুৰীত জব্দ চোৰাং গৰু - balajan

ধুবুৰী জিলাৰ বালাজানত জব্দ কৰা হয় চাৰিটাকৈ চোৰাং গৰু। বালাজান আৰক্ষীয়ে অভিযান চলায় জব্দ কৰে গৰুকেইটা ।

ধুবুৰীত জব্দ চোৰাং গৰু
author img

By

Published : Jul 10, 2019, 1:33 PM IST

ধুবুৰী,১০ জুন : বুধবাৰে ধুবুৰী জিলাৰ বালাজানত জব্দ কৰা হয় চাৰিটাকৈ চোৰাং গৰু। গৌৰীপুৰ আৰক্ষী থানাৰ অধীনস্থ বালাজান আৰক্ষীয়ে অভিযান চলায় জব্দ কৰে গৰুকেইটা। চোৰাং গৰুকেইটা বালাজানলৈ আনি থকাৰ সময়তে আৰক্ষীয়ে গৰুকেইটা জব্দ কৰে যদিও গৰু সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল। ইফালে, আৰক্ষীৰ ভাষ্য অনুসৰি বহু চোৰাং গৰু বালাজান অঞ্চলত আছে বৰ্তমানেও । ধুবুৰী জিলাক গৰুৰ চোৰাং ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ বুলিও মন্তব্য কৰে আৰক্ষীয়ে ।

Intro:ধুবুৰীত অব্যাহত আছে গৰুৰ চোৰাং বেহা। একাংশ আৰক্ষীৰ নাকৰ তলেদিয়েই সৰবৰাহ হৈছে বাংলাদেশলৈ যোৱা চোৰাং গৰু।Body: এই দৃশ্য লৈ মন কৰক। খাকি পোচাক পৰিধান কৰা আৰক্ষীয়ে খেদি খেদি লৈ গৈছে চাৰিটাকৈ গৰু। কিন্তু কিয় আৰক্ষীয়ে খেদিছে গৰু কেইটা। দৰাচলতে এই চাৰিটা হৈছে চোৰাং গৰু। গৌৰীপুৰ আৰক্ষী থানাৰ অধীনস্থ বালাজান আৰক্ষী চকীৰ আৰক্ষীৰ সন্মুখেৰেই দিন দুপৰতে সৰবৰাহ হৈ আছিল বহু কেইটা চোৰাং গৰু। এই তথ্য লাভ কৰে ডাউভাঙি আৰক্ষীয়ে। সেইমতে বালাজান হৈ আহি থকা চোৰাং গৰু সমূহৰ ভিতৰত এই চাৰিটা গৰু জব্দ কৰিবলৈ সক্ষম হয় ডাউভাঙি আৰক্ষীয়ে। আৰক্ষীৰ মতে আৰু বহু পৰিমাণৰ চোৰাং গৰু আছে বালাজান অঞ্চলত। মন কৰিবলগীয়া বিষয় যে, ধুবুৰী দক্ষিণ শালমাৰাৰ গৰুৰ চোৰাং ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ হিচাপে বিবেচিত হোৱা গৌৰীপুৰৰ ভিন্ন অঞ্চলেদি এতিয়াও দিনে নিশাই সৰবৰাহ হৈছে জাকে জাকে চোৰাং গৰু। মুখ্যমন্ত্ৰীয়ে চোৰাং গৰুৰ ছিণ্ডিকেট বন্ধ কৰাৰ বাবে হুংকাৰ প্ৰদানৰ পিছতো বন্ধ নহল আৰক্ষী আৰু চোৰাংকাৰী মাজত গঢ়ি উঠা গৰু ছিণ্ডিকেট।Conclusion: উল্লেখযোগ্য যে, ধুবুৰী জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ ৰহস্যজনক নিৰৱতাৰ বাবেই এইদৰে দিন দুপৰতে চোৰাং গৰু সৰবৰাহ হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.