ধুবুৰী, ১ এপ্ৰিল : ধুবুৰীৰ সমাজ কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া সূৰ্য বৰুৱাক বচাব গৈ বিপদত পৰিল সমাজ কল্যাণ বিভাগৰ বিভিন্ন পদত কৰ্মৰত মহিলাৰ দল (Dhuburi social welfare employee sexual abused) । মহিলা হৈও নিৰ্যাতিত মহিলাৰ কাষত থিয় নিদি ওলোটাই বিষয়াক বচাবলৈ অপ্ৰাণ চেষ্টা চলায় এইসকল মহিলা কৰ্মচাৰীয়ে । উল্লেখ্য, ধুবুৰীৰ সমাজ কল্যাণ বিভাগৰ CDPO তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া সূৰ্য বৰুৱাৰ বিৰুদ্ধে বিভাগৰেই মহিলা কৰ্মচাৰী এগৰাকীক অশালীন ইংগিত আৰু অশ্লীল ব্যৱহাৰ কৰাৰ অভিযোগত ধুবুৰী সদৰ আৰক্ষী থানাত ৰুজু কৰা হৈছে এক গোচৰ (Dhubri Social welfare officer alleged sexual harassment) ।
কিন্তু নিৰ্যাতিতা মহিলাগৰাকীৰ সপক্ষে থিয় হ'ব লাগিছিল যদিও সেয়া নকৰি ওলোটাই সংবাদমেল পাতি সূৰ্য বৰুৱাক নিকা আৰু স্বচ্ছ প্ৰমাণ কৰিবলৈ উঠি-পৰি লাগে মহিলা কৰ্মচাৰীৰ দলটো । কিন্তু সাংবাদিকৰ প্ৰশ্ন আৰু যুক্তি-তৰ্কত উত্তৰ দিব নোৱাৰি ইগৰাকীৰ পিছত সিগৰাকী মহিলা বিষয়া-কৰ্মচাৰীয়ে সংবাদমেলৰ পৰা পলায়নৰ চেষ্টা কৰা পৰিলক্ষিত হয় (sexual abused allegation on Dhubri social welfare officer) ।
উল্লেখ্য যে বিভাগটোৰেই এগৰাকী মহিলা কৰ্মচাৰীক সুদীর্ঘ চাৰি-পাঁচ বছৰে বিভিন্ন প্ৰকাৰে মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগত ইতিমধ্যে ভিন্ন থানাত ৰুজু কৰা হৈছে গোচৰ । অভিযোগ দাখিল কৰা হৈছে বিভাগীয় কৰ্তৃপক্ষ আৰু জিলা উপায়ুক্তৰ ওচৰতো । তাৰ উপৰি ২০ বছৰ ধৰি ধুবুৰীত কৰ্মৰত সূৰ্য বৰুৱাৰ বিৰুদ্ধে উত্থাপিত হৈছে বহু গুৰুতৰ অভিযোগ । বিভিন্ন চৰকাৰী আঁচনিত ভয়ংকৰ দুৰ্নীতি কৰাৰ লগতে ৰাজনৈতিক নেতা-মন্ত্ৰীৰ আশিসপুষ্ট সূৰ্য বৰুৱাৰ বিৰুদ্ধে নিৰ্যাতিতা মহিলা কৰ্মচাৰীৰ স্বামী ডঃ ৰেজাউল কৰিমে সংবাদমেল পাতি উত্থাপন কৰিছিল বহু গুৰুতৰ অভিযোগ ।
উল্লেখ্য যে পত্নীক কৰা নিৰ্যাতন সহিব নোৱাৰি ২৯ মাৰ্চৰ নিশা সূৰ্য বৰুৱাৰ ভাড়াঘৰত উপস্থিত হৈ নিৰ্যাতিতা মহিলা কৰ্মচাৰীগৰাকীৰ চিকিৎসক স্বামী ডাঃ ৰেজাউল কৰিমে ভাবুকি দিয়াৰ অভিযোগত বিষয়া বৰুৱাই দাখিল কৰিছিল এজাহাৰ । আনপিনে বিষয়া সূৰ্য বৰুৱাৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তুলি ধুবুৰী সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে নিৰ্যাতিতা মহিলা কৰ্মচাৰীগৰাকীয়ে । কিন্তু আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়তে নিজৰ বিভাগৰ মহিলা বিষয়া-কৰ্মচাৰীক মেনেজ কৰি সমাজ কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া সূৰ্য বৰুৱাই নিজৰ ক্লিনছীট ল'বলৈ উঠি-পৰি লগা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক :Child Abuse at School: বিদ্যালয়ত কণমানি ছাত্রীক শিক্ষয়িত্ৰীয়ে আতিশয্য চলোৱাৰ অভিযোগ