ধুবুৰী, 25 আগষ্টঃ ধুবুৰীৰ এটা চৰকাৰী কাৰ্যালয় ৷ যিটো কাৰ্যালয়ত টকা নিদিলে কোনো কামেই নহয় ৷ একাংশ ভুক্তভোগীয়ে নিজ মুখে ব্যক্ত কৰিছে এই কথা ৷ ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টো সম্প্ৰতি এখন বজাৰত পৰিণত হৈছে ৷ চাকৰিকে ধৰি বিভিন্ন কামৰ বাবে প্ৰয়োজনীয় প্ৰমাণ পত্ৰ প্ৰদানৰ বাবে আবেদন কৰিবলগীয়া হয় কাৰ্যালয়ত ৷ কিন্তু প্ৰমাণপত্ৰ লাভ কৰিবলৈ ধন নিদিলে মাহৰ পিছত মাহ ঘুৰিবলগীয়া হয় আবেদনকাৰীসকলে ৷
উল্লেখ্য যে, বিগত মাৰ্চ মাহত ধুবুৰীৰ এজন নিবনুৱা যুবকে ‘উইকাৰ ইক'নমিকেল চেকচন’ৰ এখন ইনকাম চাৰ্টিফিকেটৰ বাবে আবেদন কৰিছিল ৷ আবেদনখন গ্ৰহণ কৰিছিল কাৰ্যালয়টোৰ হাফেজ উদ্দিন শেখ নামৰ মণ্ডলজনে । কিন্তু প্ৰমাণ পত্ৰখন প্ৰদানৰ নামত মণ্ডজনে যুৱকজনৰ পৰা লয় 500 টকা ৷ এই সমগ্ৰ লেনদেনৰ ঘটনা নিজৰ ফোনৰ ৰেকৰ্ড কৰি ৰাখে ভূক্তভোগী যুৱকজনে ৷ অকল যুৱজনেই নহয় প্ৰমাণ পত্ৰৰ বাবে কাৰ্যালয়টোত আবেদন জনোৱা আন এগৰাকী যুৱতীয়েও একে অভিযোগ উত্থাপিত কৰিছে ৷
আনহাতে, ঘটনা সন্দৰ্ভত মণ্ডলগৰাকীক সাংবাদিকে প্ৰশ্ন কৰাত এই সকলো কথা অস্বীকাৰ কৰে হাফেজ উদ্দিন শেখে ৷ এই সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰিছে ধুবুৰী ৰাজহ চক্ৰ বিষয়া জয় শংকৰ শৰ্মাই ৷ এখনকৈ প্ৰমাণপত্ৰ বাবদ নিবনুৱা যুৱক-যুৱতীসকলৰ পৰা শ শ টকা আত্মসাৎ কৰা এইগৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় লগতে এই ছিণ্ডিকেটৰ সৈতে আৰু কোন জড়িত হৈ আছে সেইয়া তদন্তৰ অন্ততহে পোহৰলৈ আহিব ৷
লগতে পঢ়ক-প্ৰতিবাদত কপি উঠিল প্ৰাগ ব’চিমি ছিন্থেটিক লিমিটেড চৌহদ