ধুবুৰী, ২৬ জানুৱাৰী: সমগ্ৰ দেশ তথা ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধুবুৰীতো উদযাপন কৰা হৈছে ৭২ সংখ্যক গণৰাজ্য দিৱস । জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আয়োজন কৰা হৈছে গণৰাজ্য দিৱসৰ অনুষ্ঠান । আজিৰ অনুষ্ঠানত পতাকা উত্তোলন কৰে সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই ।

পুৱা ৯ বজাত পতাকা উত্তোলন কৰাৰ পিছত সামৰিক অভিবাদন গ্ৰহণৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ স্কাউট আৰু গাইডৰ অভিবাদন গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে । অভিবাদন গ্ৰহণৰ পিছতেই মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত চৰকাৰৰ বিভিন্ন আঁচনি সম্পৰ্কে আলোকপাত কৰে ।

মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ ভাষণৰ অন্তত অনুষ্ঠানত বিভিন্ন বিভাগৰ প্ৰতীক পট প্ৰদৰ্শন কৰা হয় । স্বাস্থ্যবিধি মানি গণৰাজ্য দিৱসৰ অনুষ্ঠান উপভোগ কৰিবলৈ ওলাই আহিল সাধাৰণ ৰাইজ । আনহাতে, প্ৰশাসনৰ তৰফৰ পৰাও মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে যাৱতীয় সাৱধনতা অৱলম্বন কৰা হৈছে ।

লগতে পঢ়ক:গণৰাজ্য দিৱসঃ গোৱালপাৰাত পতাকা উত্তোলন কৰিলে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে