ধুবুৰী,30 জুনঃ লক ডাউনৰ মাজতেই ড্ৰাগছৰ বেহা অব্যাহত ৰাখিছে একাংশ দুষ্ট চক্ৰই । নিশা আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ গ্ৰেপ্তাৰ হ'ল চাৰি যুৱক। দৰাচলতে নিশা ধুবুৰীৰ গৌৰীপুৰৰ বালাজান ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত নাকা চেকিং বহুৱাই তালাচী আৰম্ভ কৰিছিল ধুবুৰী আৰক্ষীয়ে। মাৰুতি চুজুকী চেলেৰিও AS-01BW-2371 নম্বৰৰ বাহন খনত তালাচী চলোৱাৰ সময়ত বাহন খনৰ পৰা দুটা প্লাষ্টিকৰ বটলত ব্ৰাউন চুগাৰ,তিনিটা পেকেটত ড্ৰাগছ জাতীয় ২৭৩ টা টেবলেট,নগদ ২ লাখ ৫১ হাজাৰ ৫০০ টকা আৰু পাঁচটা মোবাইল ছেটসহ বাহন খন জব্দ কৰিবলৈ সক্ষম হয়। তাৰ পিছতেই গাড়ীত থকা চাৰি যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত যুৱক কেইজন হৈছে গোলকগঞ্জৰ আনোৱাৰ শেখ,চফিকুল হক,এনামূল হক আৰু মতালেব হক।
![DHUBRI POLICE RAID SEIZED DRUGS AND FOUR DRUGS PADDLER ARRESTED](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7827196_dhubri.jpg)
আৰক্ষীয়ে চাৰি যুৱকৰ পৰা অধিক তথ্য উদ্ঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে।
লগতে চাওকঃ নগাঁও আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী