ETV Bharat / state

ABT member arrested: শুকুৰ আলীক মাৰাথন জেৰা ধুবুৰী আৰক্ষীৰ - Ansarullah Bangla Team in India

ধুবুৰীত গ্ৰেপ্তাৰ হোৱা আনছাৰুল্লাহ বাংলা টীমৰ সদস্যক মাৰাথন জেৰা চলাইছে ধুবুৰী আৰক্ষীয়ে । শনিবাৰে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এবিটিৰ সদস্যজনক ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনাইছিল এই কথা ৷

Dhubri police interrogates ABT member arrested
শুকুৰ আলীক মাৰাথন জেৰা ধুবুৰী আৰক্ষীৰ
author img

By

Published : Aug 6, 2023, 7:27 AM IST

শুকুৰ আলীক মাৰাথন জেৰা ধুবুৰী আৰক্ষীৰ

ধুবুৰী, 6 আগষ্ট : স্বাধীনতা দিৱসৰ পূৰ্বে ধুবুৰীত গ্ৰেপ্তাৰ হোৱা আনছাৰুল্লাহ বাংলা টীম চমুকৈ এবিটিৰ দুৰ্ধৰ্ষ সদস্য আব্দুছ শুকুৰ আলীক জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে । বাংলাদেশৰ নিষিদ্ধ ঘোষিত সংগঠন এবিটিৰ আন এগৰাকী দুৰ্ধৰ্ষ সদস্য শুকুৰ আলীয়ে ধুবুৰী আৰক্ষীৰ জালত পৰা ঘটনাই সৃষ্টি কৰিছে বিশেষ চাঞ্চল্যৰ । প্ৰাপ্ত তথ্য অনুসৰি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নায়েৰ আলগা আৰক্ষী চকীৰ অন্তৰ্গত নায়েৰ আলগা হাজিপৰা অঞ্চলত শনিবাৰে পুৱাৰ ভাগত উপস্থিত হয় ধুবুৰী আৰক্ষীৰ এটা দল ।

আৰক্ষীৰ দলটোৱে অঞ্চলটোৰ গুলবৰ খাঁ নামৰ এজন লোকৰ ঘৰৰ পৰা আব্দুছ শুকুৰ আলী নামৰ এবিটিৰ দুৰ্ধৰ্ষ সদস্য এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত এবিটিৰ সদস্যজন ধুবুৰীৰ ভাৰত-বাংলা সীমান্ত অঞ্চলৰ টাকীমাৰী গাঁৱৰ বাসিন্দা আকবৰ আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে । বৰ্তমানে ধৃত আব্দুছ শুকুৰ আলীৰ পৰা অধিক তথ্য উদ্ঘাটন কৰাৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষী প্ৰশাসনে ।

আৰক্ষীৰ জেৰাত কি কি তথ্য পোহৰলৈ আহে সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ’ব যদিও স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত বাংলাদেশৰ নিষিদ্ধ ঘোষিত সংগঠন আনছাৰুল্লাহ বাংলা টীমৰ এজন সদস্য গ্ৰেপ্তাৰ হোৱাৰ পিছতেই বহু প্ৰশ্নই উত্থাপন হোৱা পৰিলক্ষিত হৈছে । আৰক্ষীৰ তদন্তত কি কি তথ্য পোহৰলৈ আহে সেয়া হ’ব লক্ষণীয় বিষয় ।

উল্লেখ্য যে, আগন্তক স্বাধীনতা দিৱস উপলক্ষে ধুবুৰী আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ সময়তে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এবিটিৰ সদস্য আব্দুছ শুকুৰ আলী । এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও এক টুইট কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটযোগে বিলাসীপাৰাৰ অতি ভিতৰুৱা অঞ্চলৰ পৰা আৰক্ষীয়ে আনছাৰুল্লা বাংলা টীমৰ সন্দেহযুক্ত সদস্যজনক গ্ৰেপ্তাৰ কৰিছে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : Diphu Blank Firing Incident: চাঞ্চল্য; ডিফুৰ মাজমজিয়াত শূন্যলৈ গুলী আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.