ETV Bharat / state

ধুবুৰীত দহ কোটি টকীয়া আঁচনিৰ শুভ উদ্বোধন

ধুবুৰী-পাটামাৰী ৰোডৰ পকীকৰণৰ কামৰ শুভ উদ্বোধন কৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে । চৰকাৰৰ চিগনেচাৰ প্ৰজেক্টৰ জৰিয়তে মোকলাই দিয়া হয় দহ কোটি টকা ৷

ধুবুৰীত দহ কোটি টকীয়া আঁচনিৰ শুভ উদ্বোধন
author img

By

Published : Jul 7, 2019, 5:34 PM IST

ধুবুৰী, 7 জুলাই : ধুবুৰীৰ পৰা ভাৰত বাংলা-সীমান্ত অঞ্চললৈ যোৱা একমাত্ৰ পথ ধুবুৰী পাটামাৰী ৰোড নিৰ্মাণৰ কাম আৰম্ভ ৷ দেওবাৰে পথটি পকীকৰণৰ কামৰ শুভ উদ্বোধন কৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ।বিগত দুটা দশক ধৰি বিধ্বস্ত হৈ পৰিছিল পথটিৰ অৱস্থা ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰীৰ বিধায়ক নজৰুল হকে নিজৰ ৰাজ্যৰ গড়কপ্তানী বিভাগৰ সৈতে যোগাযোগ কৰে । সেই মৰ্মে চৰকাৰৰ ফালৰ পৰা চিগনেচাৰ প্ৰজেক্টৰ জৰিয়তে মোকলাই দিয়া হয় দহ কোটি টকা ৷ বিভাগীয় ভাৱে নিবিদা সম্পূৰ্ণ কৰাৰ পাচত আজি আনুষ্ঠানিকভাৱে কামৰ শুভ উদ্বোধন কৰা হয় । ধুবুৰীৰ বিধায়ক নজৰুল হক আৰু বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বশিৰ আহমেদ কাচিমিৰ লগতে ধুবুৰী গড়কাপ্তানী পথ সংমণ্ডলৰ অভিযন্তাৰ উপস্থিতিত সাংসদ বদৰুদ্দিন আজমলে এই আঁচনিৰ শুভ উদ্বোধন কৰে । আঁচনিৰ শুভ উদ্বোধন কৰাৰ পাচত শুভ উদ্বোধনী সভাত অংশগ্ৰহণ কৰি সীমান্ত অঞ্চলৰ দীৰ্ঘ দিনীয়া সমস্যা সমাধান হ’ল বুলি উল্লেখ কৰি বিধায়ক নজৰুল হকক ধন্যবাদ জ্ঞাপন কৰে সাংসদ আজমলে ।

Intro: ধুবুৰীৰ পৰা পাটামাৰী সীমান্তৱৰ্তী লোক সকলৰ দীৰ্ঘ দিনীয়া এক সমস্যা সমাধানৰ পথত। কাৰণ আজি ধুবুৰীত দহ কোটি টকীয়া আঁচনিৰ শুভ উদ্বোধন কৰা হয় ধুবুৰী পাটামাৰী বান্ধ কাম ৰোডৰ পকীকৰণৰ।

Body:
হয়, ধুবুৰীৰ পৰা ভাৰত বাংলা সীমান্ত অঞ্চললৈ যোৱা এইখন একমাত্ৰ যোগাযোগ ব্যৱস্থা। স্বাধীনতাৰ পিছত এইখন ধুবুৰীৰ পৰা পাটামাৰী লৈ যোৱা ৰোড কাম বান্ধ নিৰ্মাণ কৰা হৈছিল। যদিওঁ সুদীৰ্ঘ প্ৰায় দুটা দশকৰ পৰা বিধ্বস্ত হৈ পৰিছে এই বান্ধ কাম ৰোড। ফলত যাতায়তৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভোগ কৰিব লগীয়া হৈছিল কেইবাখনো পঞ্চায়তৰ ৰাইজে। ইয়াৰ প্ৰতি লক্ষ্য কৰি ধুবুৰীৰ বিধায়ক নজৰুল হকে নিজৰ প্ৰচেষ্টাৰ ফলত ৰাজ্যৰ গড়কপ্তানী বিভাগৰ সৈতে যোগাযোগ কৰে। সেই মতে অসম চৰকাৰৰ ফালৰ পৰা চিগনেচাৰ প্ৰজেক্টৰ জৰিয়তে মোকোলাই দিয়া দহ কোটি টকাৰে বিধায়ক গৰাকীয়ে এইখন গুৰুত্বপূৰ্ণ বান্ধ কাম ৰোডৰ পকীকৰণ কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেইমতে বিভাগীয় ভাবে নিবিদা সম্পূৰ্ণ কৰাৰ পিছত আজি কামটোৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হয়। ধুবুৰীৰ বিধায়ক নজৰুল হক আৰু বিলাসিপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বশিৰ আহমেদ কাচিমিৰ লগতে ধুবুৰী গড়কপ্তানী পথ সংমণ্ডলৰ অভিযন্তাৰ উপস্থিতিত সাংসদ বদৰুদ্দিন আজমলে এই আঁচনিৰ শুভ উদ্বোধন কৰে। আঁচনিৰ শুভ উদ্বোধন কৰাৰ পিছত শুভ উদ্বোধনী সভাত অংশগ্ৰহণ কৰি সীমান্ত অঞ্চলৰ দীৰ্ঘ দিনীয়া সমস্যা সমাধান হল বুলি উল্লেখ কৰি বিধায়ক নজৰুল হকক ধন্যবাদ জ্ঞাপন কৰে সাংসদ আজমলে।
Byte:- (803) আজমল

ইপিনে ধুবুৰীৰ হাউৰাৰপাৰৰ পৰা পাটামাৰী লৈ এই পাঁচ কিলোমিটাৰ ৰোড কাম বান্ধ পকীকৰণৰ কামৰ বাবে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিলোঁ বুলি উল্লেখ কৰে ধুবুৰীৰ বিধায়ক নজৰুল হকে।
Byte:- (802) নজৰুল হক।

Conclusion: উল্লেখযোগ্য যে, বৰ্তমান বাৰিষা বৰষুণৰ বতৰ হোৱা বাবে অহা অক্টোবৰ মাহৰ পৰা আঁচনিৰ কাম আৰম্ভ হব বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে। এই ৰোড কাম বান্ধ পকীকৰণৰ সম্পন্ন হলে সীমান্ত অঞ্চলৰ কেইবাখনো পঞ্চায়তৰ ৰাইজৰ যোগাযোগ ব্যৱস্থা সুচল হৈ উঠাটো নিশ্চিত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.