ধুবুৰী, 25 অক্টোবৰ: ধুবুৰীৰ গৌৰীপুৰ নিয়ন্ত্ৰিত বজাৰ সমিতিৰ অন্তৰ্গত এটা মৰাপাটৰ গুদামত সংঘটিত হয় এটা ভয়ংকৰ অগ্নিকাণ্ড। স্থানীয় মৰাপাট ব্যৱসায়ী সুভাস চিৰণীয়া, বিকাশ চিৰণীয়া, সঞ্জয় চিৰণীয়া নামৰ তিনি ভাতৃৰ মৰাপাট গুদামত সংঘটিত হয় অগ্নিকাণ্ড ৷ বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ মৰাপাট সহ সা-সম্পত্তি জাহ যোৱাৰ পিচত মৰাপাট ব্যৱসায়ী তিনি ভাতৃ গুদামত উপস্থিত হয়।
উক্ত স্থানত ধুবুৰী জিলা উচ্চ পদস্থ আৰক্ষী বিষয়া আৰু ধুবুৰী অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰৰো । প্ৰায় 10 খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে ভয়ংকৰ জুই নিৰ্বাপিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । কিন্তু কেনেকৈ এই অগ্নিকাণ্ড সংঘটিত হ'ল আৰু কিমান টকাৰ ক্ষয় ক্ষতি হৈছে সেই কথা এইপৰ্যন্ত অনুমান কৰিব পৰা নাই মৰাপাট ব্যৱসায়ীয়ে।