ETV Bharat / state

ধুবুৰীৰ অগ্নি আৰু আপদকালীন বিভাগৰ নৱনিৰ্মিত ভৱন উদ্বোধন - Dhubri Fire and Emergency department news

বুধবাৰে ডেৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত ধুবুৰীৰ অগ্নি আৰু আপদকালীন বিভাগৰ নতুন ভৱনৰ শুভ উদ্বোধন ৷ ভৱনটোৰ শুভ উদ্বোধন কৰে আৰক্ষী বিশেষ শাখাৰ সঞ্চালক তথা অগ্নি আৰু আপদকালীন বিভাগৰ সঞ্চালক ভাস্কৰ জ্যোতি মহন্তই ৷

Dhubri Fire and Emergency department new building inauguration
ধুবুৰীত মুকলি অগ্নি আৰু আপদকালীন বিভাগৰ ভৱন
author img

By

Published : Nov 27, 2019, 9:24 PM IST

ধুবুৰী, 27 নৱেম্বৰঃ দীর্ঘদিনীয়া এক সমস্যাৰ স্থায়ী সমাধান হ’ল ধুবুৰীৰ অগ্নি আৰু অপদকালীন বিভাগৰ ৷ 1960 চনতে নিৰ্মিত ধুবুৰী অগ্নি আৰু অপদকালীন বিভাগটোৱে ইমান বছৰে ভাড়া ঘৰৰ পৰাই কাৰ্য কৰি আহিছিল ৷

বহুবছৰীয়া অপেক্ষাৰ অন্তত বুধবাৰে ডেৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত নতুন ভৱনৰ শুভ উদ্বোধন কৰা হয় ৷ ভৱনটোৰ শুভ উদ্বোধন কৰে আৰক্ষী বিশেষ শাখাৰ সঞ্চালক তথা অগ্নি আৰু অপদকালীন বিভাগৰ সঞ্চালক ভাস্কৰ জ্যোতি মহন্তই ৷

ধুবুৰীত মুকলি অগ্নি আৰু আপদকালীন বিভাগৰ ভৱন

লগতে পঢ়ক- নগাঁৱ অসামৰিক চিকিৎসালয়ত মুকলি ডায়েলাইচিচ কেন্দ্ৰ

উল্লেখ্য যে, ধুবুৰী চহৰৰ ভিতৰুৱা অঞ্চলত অৱস্থিত হোৱা বাবে জৰুৰীকালীন সময়ত ঠেক বাট পথৰ বাবেও বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছিল বিভাগটোৱে ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি আৰক্ষী সঞ্চালক গৰাকীয়ে কয় যে, ‘সুদীৰ্ঘ বছৰে ভাড়া ঘৰত থকাৰ ফলত বিভিন্ন সময়ত দুৰ্যোগৰ সন্মুখীন হৈ আহিছিল এছডিআৰএফ বাহিনী । কিন্তু এতিয়াৰ পৰা এই সমস্যাৰ স্থায়ী সমাধান হ’ল ৷’ উক্ত ভৱন উদ্বোধনী অনুষ্ঠানত আপদকালীন বিভাগৰ সঞ্চালকগৰাকীৰ লগতে উপস্থিত থাকে ধুবুৰীৰ জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানী, পশ্চিম অসমৰ মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকা, চেভেন বিএন এনচিচিৰ কাৰ্যবাহী বিষয়া নিৰাজ বক্সীৰ লগতে আৰক্ষী বিভাগৰ উচ্চ পদস্থ বিষয়াসকল ৷

Intro:দীর্ঘ দিনীয়া এক সমস্যাৰ স্থায়ী সমাধান হল ধুবুৰীৰ অগ্নি আৰু অপদকালীন বিভাগৰ। ১৯৬০ চনৰ আৰম্ভণিৰে পৰাই ভাড়া ঘৰত আছিল অগ্নি আৰু অপদকালীন বিভাগ। আজি ডেৰ কোটি টকীয়া এখন নতুন ভৱনৰ শুভ উদ্বোধন কৰিলে ধুবুৰীত উপস্থিত বিশেষ আৰক্ষী সঞ্চালক তথা অগ্নি আৰু অপদকালীন বিভাগৰ সঞ্চালক ভাস্কৰ জ্যোতি মহন্তই।Body:ধুবুৰী অগ্নি আৰু অপদকালীন বিভাগৰ দীর্ঘ দিনীয়া এক সমস্যাৰ স্থায়ী সমাধান। ১৯৬০ চনৰ আৰম্ভণিৰে পৰাই ধুবুৰীৰ ভাড়া ঘৰত আছিল ধুবুৰী অগ্নি আৰু অপদকালীন বিভাগ। ধুবুৰী চহৰ খনৰ এ এম কোঃ ৰোডৰ ভিতৰুৱা অঞ্চলত থকাৰ বাবে জৰুৰীকালীন সময়ত ঠেক বাট পথৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ সমান্তৰাল ভাৱে আন বিভিন্ন সমস্যাৰ সৃষ্টি হৈছিল। যদিওঁ ডেৰ কোটি টকাৰে ধুবুৰীৰ জি টি বি ৰোডত নৱ নিৰ্মিত এখন তিনি মহলীয়া অট্টালিকাৰ আজি শুভ উদ্বোধন হয়। ধুবুৰী চহৰৰ জি টি বি ৰোডত নৱনিৰ্মিত অগ্নি আৰু আপদকালীন সেৱা আস্থানৰ ভৱনৰ শুভ উদ্বোধন কৰিলে আজি ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান তথা অগ্নি আৰু আপদকালীন সেৱা, অসমৰ সঞ্চালক ভাস্কৰ জ্যোতি মহন্তই৷ ধুবুৰীৰ জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানী, পশ্চ্মি অসমৰ মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকা আৰু চেভেন বিএন এনচিচিৰ কাৰ্যৱাহী বিষয়া নিৰাজ বক্সী আৰু জিলাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ উপৰিও শুভ উদ্বোধন কাৰ্যসূচীত উপস্থিত থাকে। অনুষ্ঠানত সংবাদ মাধ্যমৰ আগত আৰক্ষী সঞ্চালক গৰাকীয়ে কয়ঃ সুদীৰ্ঘ বছৰে ভাড়া ঘৰত থকাৰ ফলত বিভিন্ন সময়ত দুৰ্যোগৰ সন্মুখীন হৈ আহিছিল এছ ডি আৰ এফ বাহিনী। লগতে দুৰ্যোগৰ সময়ত ৰাইজক সহায় কৰিব হলে মানসিক ঠিক থাকিব লাগিব বুলি উল্লেখ কৰি এতিয়াৰ পৰা সমস্যাৰ স্থায়ী সমাধান হল বুলি মন্তব্য কৰে।

Byte:- ভাস্কৰ জ্যোতি মহন্ত, সঞ্চালক, অগ্নি আৰু অপদকালীন বিভাগ, অসম।।

Conclusion:উল্লেখযোগ্য যে, অগ্নি আৰু অপদকালীন বিভাগৰ অন্তগাথঁনি যথেষ্ট উন্নত হৈ আহিছে বুলি কৈ সাপটগ্ৰাম, গোলকগঞ্জ, বিলাসিপাৰাৰ পিছত আজি ধুবুৰীত এখন নতুন ভৱনৰ শুভ উদ্বোধনী কৰা হল বুলি মন্তব্য কৰাৰ লগতে বিপদ বন্ধু নামৰ এটি নতুন গ্ৰুপ গঠন কৰাৰ কথাও উল্লেখ কৰে সঞ্চালক গৰাকীয়ে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.