ETV Bharat / state

ফেনীৰ ভয়ানক প্ৰভাৱ পৰিব পাৰে ধুবুৰীত ! দুৰ্যোগ প্ৰশমন বিভাগৰ এলাৰ্ট জাৰি ! - দুৰ্যোগ প্ৰসমন বিভাগ

ধুবুৰীত ফেনীৰ প্ৰভাৱৰ আশংকা কৰি ধুবুৰী জিলা প্ৰশাসনে বন্ধ ৰাখিছে নৌ-সেৱা । ইফালে নাওঁ নাপাই যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি ।

ফেনীৰ ভয়ানক প্ৰভাৱ পৰিব পাৰে ধুবুৰীত ! দুৰ্যোগ প্ৰসমন বিভাগৰ এলাৰ্ট জাৰি !
author img

By

Published : May 3, 2019, 6:16 PM IST

Updated : May 3, 2019, 7:45 PM IST

ধুবুৰী,৩ মে': অসমতো পৰিছে ফেনীৰ প্ৰভাৱ । ফেনীৰ প্ৰভাৱত অসমৰ ঠাইয়ে ঠাইয়ে মুষলধাৰ বৰষুণৰ সৃষ্টি । শুকুৰবাৰে ধুবুৰীত ফেনীৰ প্ৰভাৱৰ আশংকা কৰি ধুবুৰীত নাঁও চলাচল বন্ধ কৰি ৰাখিছে ধুবুৰী জিলা প্ৰশাসনে । ইফালে নাঁও নাপাই যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ।

etv_bharat_assam
দুৰ্যোগ প্ৰসমন বিভাগৰ এলাৰ্ট জাৰি !

প্ৰায় ষাঠিৰ পৰা আশী কিলোমিটাৰ বেগত ফেনী অহাৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত জিলা প্ৰশাসন, দুৰ্যোগ প্ৰশমন বিভাগ, এছ ডি আৰ এফ, আৰক্ষী, চি আৰ পি এফ আৰু বি এছ এফকে সকলোৱে সম্পূৰ্ণৰূপে এলাৰ্ট হৈ আছে বুলি উল্লেখ কৰে দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰকল্প বিষয়া মফাৰজল সৰকাৰে ।

ফেনীৰ ভয়ানক প্ৰভাৱ পৰিব পাৰে ধুবুৰীত !

লগতে তেঁও ধুবুৰীত শুকুৰবাৰে হালধীয়া আৰু শনিবাৰে গেৰুৱা এলাৰ্ট আছে বুলিও স্পষ্ট কৰি দি সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে ।

Intro: ধুবুৰীত ফেনিৰ প্ৰভাৱ। আজি সন্ধিয়াৰ আগে আগে ফেনিৰ প্ৰভাৱ পৰিব পাৰে ধুবুৰীত। ফেনিক লৈ তৎপৰ ধুবুৰী জিলা প্ৰশাসন। ইতিমধ্যে নদী পথত বন্ধ কৰি দিছে নাওঁ চলাচল। নাওঁ নাপাই যাত্ৰীৰ মাজত হাহাকাৰ।

Body: ফেনি আহি আছে। আজি সন্ধিয়াৰ আগে আগে অৰ্থাৎ চাৰে চাৰিটাৰ পৰা পাঁচ বজাৰ ভিতৰত ফেনিৰ প্ৰভাৱ পৰিব পাৰে ধুবুৰীত। এই তথ্য সদৰী কৰিছে ধুবুৰী জিলা দুৰ্যোগ প্ৰসমন বিভাগৰ প্ৰকল্প বিষয়া মফাৰজল সৰকাৰে। ৰাতিপুৱা চাৰে দহ বজাত জিলা দুৰ্যোগ প্ৰসমন বিভাগে লাভ কৰা পত্ৰ মতে, চাৰি বজাৰ পৰা পাঁচ বজাৰ ভিতৰত এই ফেনিৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। প্ৰায় ষাঠিৰ পৰা আশী কিলোমিটাৰ বেগত ফেনি অহাৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত জিলা প্ৰশাসন, দুৰ্যোগ প্ৰসমন বিভাগ, এছ ডি আৰ এফ, আৰক্ষী, চি আৰ পি এফ আৰু বি এছ এফকে সকলোৱে সম্পূৰ্ণৰূপে এলাৰ্ড হৈ আছে বুলি উল্লেখ কৰে বিষয়া গৰাকীয়ে। লগতে ধুবুৰীত আজি হালধীয়া আৰু কাইলৈ গেৰুৱা ( Orange ) এলাৰ্ড আছে বুলিও স্পষ্ট কৰি দিয়ে।

ইপিনে ফেনিক কেন্দ্ৰ কৰি ধুবুৰীৰ ব্ৰহ্মপুত্ৰত নাওঁ বা লঞ্চ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া বুলি জিলা দুৰ্যোগ প্ৰসমন বিভাগৰ বিষয়াই দাবী কৰিলেও আবেলি তিনি বজালৈকে ধুবুৰীৰ পাৰ ঘাটৰ পৰা শ শ যাত্ৰী লৈ যাত্ৰা আৰম্ভ কৰা পৰিলক্ষিত হয়। নদী পথত হাই এলাৰ্ড জাৰি কৰিলেও এই নাওঁ বা লঞ্চ সমূহ গন্তব্য স্থান পাওঁতে দুই ঘন্টাৰ পৰা তিনি ঘণ্টাকৈ সময়ৰ প্ৰয়োজন হব। জিলা দুৰ্যোগ প্ৰসমন বিষয়াই উল্লেখ কৰা ধৰণে চাৰে চাৰি বজাৰ পৰা পাঁচ বজাৰ ভিতৰত ফেনিৰ প্ৰভাৱ পৰিলে বিপদৰ সন্মুখীন হব পাৰে এই নাওঁ সমূহ।

ইপিনে পূৰ্বৰ সময় মতে বহু যাত্ৰীয়ে পাৰ ঘাটত উপস্থিত হয় যদিওঁ পূৰ্বৰ সময়তকৈ কিছু সময় পূৰ্বেই নাওঁ বা লঞ্চ যাত্ৰা আৰম্ভ কৰাৰ ফলত একাংশ যাত্ৰীৰ মাজত হাহাকাৰ সৃষ্টি হয়।

Conclusion: উল্লেখযোগ্য যে, ধুবুৰীত আজি হালধীয়া আৰু কাইলৈ গেৰুৱা (Orange) এলাৰ্ড আছে বুলি স্পষ্ট কৰি দি সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনায় ধুবুৰী জিলা দুৰ্যোগ প্ৰসমন বিভাগৰ প্রকল্প বিষয়াই।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
Last Updated : May 3, 2019, 7:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.