ETV Bharat / state

ধুবুৰীৰ ছিণ্ডিকেটৰ বিৰুদ্ধে তৎপৰ জিলা উপায়ুক্ত - forest officer suspended

ধুবুৰীৰ ছিণ্ডিকেটক লৈ তৎপৰ হৈ পৰিছে ধুবুৰীৰ জিলা উপায়ুক্ত । ছিণ্ডিকেটৰ বিৰুদ্ধে টাস্ক ফোৰ্চ গঠন কৰিব জিলা উপায়ুক্তই । সংবাদমেলযোগে এই ঘোষণা জিলা উপায়ুক্ত আনবামুথান এম.পিৰ ৷

dhubri-dc-press-meet
ধুবুৰীৰ ছিণ্ডিকেটকৰ বিৰুদ্ধে তৎপৰ জিলা উপায়ুক্ত
author img

By

Published : Jun 2, 2021, 10:50 PM IST

ধুবুৰী, 2 জুন : ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগত দুদিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল ধুবুৰীৰ উপ-আৰক্ষী অধীক্ষক (সীমান্ত) যতীন দাসৰ লগতে তেওঁৰ এজেন্ট হৈ কাম কৰা ৰফিকুল প্ৰামানিক । ইপিনে ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰা হৈছে অসম-বংগ সীমান্তৰ ছাগলীয়া আঞ্চলিক বন বিষয়া দীপক চক্ৰৱৰ্তীক ।

উল্লেখ্য যে, ধুবুৰী নৱ-নিযুক্ত আৰক্ষী অধীক্ষক হিচাপে গৌৰৱ অভিজিৎ দিলীপে যোগদান কৰিয়েই অসম-বংগৰ ছাগলীয়াত অভিযান চলাই ১২২ খনকৈ অভাৰ ল’ডেড শিলভৰ্তি ট্ৰাক জব্দ কৰিছিল । তাৰ পিছতেই শিল ছিণ্ডিকেটক লৈ তদন্ত আৰম্ভ কৰিছিল বন বিভাগে । তদন্তৰ মাজতেই বন বিভাগে নিলম্বিত কৰে ছাগলীয়া আঞ্চলিক বন বিষয়া দীপক চক্ৰৱৰ্তীক ।

ধুবুৰীৰ ছিণ্ডিকেটকৰ বিৰুদ্ধে তৎপৰ জিলা উপায়ুক্ত

ইপিনে ধুবুৰীত দীর্ঘ বছৰে চলি অহা বিভিন্ন ছিণ্ডিকেটক লৈ তৎপৰ হৈ পৰিছে ধুবুৰীৰ নৱ নিযুক্ত উপায়ুক্ত আনবামুথান এম পি । বুধবাৰে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা এখন সংবাদমেলত ছিণ্ডিকেটৰ প্ৰসংগত উপায়ুক্ত গৰাকীয়ে কয় যে, আজিয়েই প্ৰশাসনিক বিষয়া, আৰক্ষী, বন বিভাগ, আৱকাৰী বিভাগ আদি কৰি কেইবাটাও বিভাগক লৈ এখন টাস্ক ফোৰ্চ গঠন কৰি বিভিন্ন ছিণ্ডিকেটৰ বিৰুদ্ধে তদন্ত কৰা হ’ব ।

উল্লেখ্য যে, বুধবাৰে সংবাদমেলৰ আয়োজন কৰি ধুবুৰী জিলা ক’ভিড হাস্পতালত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন থকাৰ বিপৰীতে বৰ্তমান ক’ভিড পৰিস্থিতিক বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে জিলা উপায়ুক্ত আনবামুথান এম.পিয়ে ।

লগতে পঢ়ক: অসম চিকিৎসা মহাবিদ্যালয়ত 280 খন অত্যাধুনিক বিছনা যুক্ত কক্ষ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.