পূৱ বিলাসীপাৰা,১৪ নৱেম্বৰ: ধুবুৰীত বৃহস্পতিবাৰে একাংশ ইটা ভাটাৰ বিৰুদ্ধে চলিল জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ জিলাখনৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত একাংশ ইটা ভাটাই দীৰ্ঘ দিনৰ পৰা দখল কৰি আহিছিল চৰকাৰী ভূমি ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত চৰকাৰী ভূমি ব্যৱহাৰ কৰি একাংশ উদ্যোগপতিয়ে ইটা ভাটা খোলাৰ পিচত বৃহস্পতিবাৰে বিলাসীপাৰা মহকুমা প্ৰশাসনৰ অভিযান চলিল দুটা ইটা ভাটাৰ বিৰোদ্ধে ৷
ধুবুৰীত জিলাপ্ৰশাসনে উচ্ছেদ চলাই থকা এটা মূহুৰ্ত মহকুমাধিপতি মৃদুল যাদৱৰ উপস্থিতিত নিউ হাতীপোতা অঞ্চলৰ
সৰল আৰু
নয়ন নামৰ ইটাৰ উদ্যোগ দুটাই চৰকাৰী ভূমি দখল কৰি নিৰ্মাণ কৰা দুই লক্ষাধিক কেঁচা ইটা ধ্বংস কৰি দিয়ে। প্ৰশাসনে ধ্বংস কৰা ইটা খিনিৰ মূল্য প্ৰায় দহ লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে ৷ ইপিনে, চাপৰ ৰাজহ চক্ৰৰ একাংশ ইটা ভাটাই অবৈধ ভাৱে বন বিভাগৰ ভূমি,জলাশয় আদি বেদখল কৰি ব্যৱসায় চলাই থকাৰ বাবে পক্ষী আৰু জীৱ কূলৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
ইটা ভাটাৰ বিৰুদ্ধে ধুবুৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান লগতে চাওকঃ কৰিমগঞ্জত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী