দুদিন পিছত হেৰাই যাব ASTCৰ আস্থানটো ৷ নিৰ্মাণ হ’ব পেট্ৰ’ল পাম্প ৷ ই টি ভি ভাৰতৰ এক প্ৰতিবেদন..
হেৰাই যাব ASTCৰ এটা বাছ আস্থান... - মহাবিদ্যালয়
অতীত হোৱাৰ পথত ধুবুৰীৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ এটা বাছ আস্থান

দুদিন পিছত হেৰাই যাব ASTCৰ আস্থানটো
দুদিন পিছত হেৰাই যাব ASTCৰ আস্থানটো ৷ নিৰ্মাণ হ’ব পেট্ৰ’ল পাম্প ৷ ই টি ভি ভাৰতৰ এক প্ৰতিবেদন..
দুদিন পিছত হেৰাই যাব ASTCৰ আস্থানটো
Intro: মৃত্যু মুখলৈ গতি কৰিছে ধুবুৰীৰ এএছটিচি বাছ আস্থান। সত্তৰৰ দশকত স্থাপন হোৱা ধুবুৰীৰ ঐতিহাসিক এএছটিচি বাছ আস্থান দুদিন পিছত কালৰ গৰ্ভত হেৰাই যাব। ইতিহাস হবলৈ গৈ আছে ধুবুৰীৰ চৰকাৰী বাছ আস্থানটো। কিন্তু কিয় ?
Body: সত্তৰৰ দশকত স্থাপন হোৱা অসম ৰাজ্যিক পৰিবহণ বিভাগৰ ধুবুৰীৰ এইখন চৰকাৰী বাছ আস্থান। এটা সময়ত এই খন চৰকাৰী বাছ আস্থানৰ পৰা ৰাজ্যিক পৰিবহণ বিভাগৰ এএছটিচি যাত্ৰীবাহী বাছৰ জৰিয়তে অবিভক্ত গোৱালপাৰা জিলাৰ শ শ যাত্ৰীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্ত লৈ আহ জাহ কৰিছিল। বহিঃবিশ্বৰ সৈতে যোগাযোগৰ একমাত্ৰ ব্যৱস্থা আছিল এইখন চৰকাৰী এএছটিচি বাছ আস্থান। কিন্তু আধুনিকতাৰ যান্ত্ৰিক যুগত যাতায়তৰ বহু উন্নত ব্যৱস্থা হোৱাৰ বিপৰীতে বৃদ্ধি পাইছে ব্যক্তিগত যান বাহনৰ সংখ্যা। যাৰ বাবে ক্ৰমাৎ মৰিশালিত পৰিণত হবলৈ গৈ আছে অসম ৰাজ্যিক পৰিবহণ বিভাগৰ চৰকাৰী বাছ আস্থান। সত্তৰৰ দশকৰ ঐতিহাসিক ধুবুৰীৰ চৰকাৰী এএছটিচি বাছ আস্থান আজি আছে যদিওঁ দুদিন পিছতেই নোহোৱা হব ইয়াৰ ঐতিহ্য আৰু গৰিমা। কাৰণ এইখন চৰকাৰী বাছ আস্থানত নতুনকৈ নিৰ্মাণ হবলৈ গৈ আছে হিন্দুস্থান পেট্ৰলিয়ামৰ এখন নতুন পেট্ৰল পাম্প। এই লৈ অসম ৰাজ্যিক পৰিবহণ বিভাগ আৰু হিন্দুস্থান পেট্ৰলিয়াম কৰ্তৃপক্ষৰ সৈতে বুজা বুজি চুক্তি ইতিমধ্যে সম্পন্ন হৈছে। সেইমতে এক সপ্তাহৰ ভিতৰতেই এইখন বাছ আস্থান ভাঙি নিৰ্মাণ কৰা হব নতুন এইচ পি পেট্ৰল পাম্প। জানিব পৰা মতে, হিন্দুস্থান পেট্ৰলিয়ামৰ ফালৰ পৰা পেট্ৰল পাম্প নিৰ্মাণ কৰাৰ বিপৰীতে কাষেৰে ৰাজ্যিক পৰিবহন বিভাগৰ বাবে সামান্য সুবিধা কৰি দিব। যত বহি কোনোমতে কাগজ কলমত চলি থাকিব বিভাগটো। শুনক এই সন্দৰ্ভত কি কলে অসম ৰাজ্যিক পৰিবহণ বিভাগৰ ধুবুৰী জিলা অধীক্ষক
Byte:- অৰুণাভ শৰ্মা, অধীক্ষক।
উল্লেখযোগ্য যে, অসম ৰাজ্যিক পৰিবহণ বিভাগৰ সৈতে বুজাবুজি চুক্তি সম্পন্ন হোৱাৰ পিছত পেট্ৰল পাম্প নিৰ্মাণৰ বাবে যাবতীয় ব্যৱস্থা হিন্দুস্থান পেট্ৰলিয়ামৰ ফালৰ পৰা লোৱা হৈছে যদিওঁ এই নিৰ্মাণ কাৰ্য্যত বাধা প্ৰদান কৰিছে ধুবুৰীৰ দুখনকৈ উচ্চ শিক্ষা প্ৰতিষ্ঠানে। দৰাচলতে ধুবুৰীৰ গুৰু টেগ বাহাদুৰ পথত অৱস্থিত ধুবুৰী ছোৱালী মহাবিদ্যালয় আৰু ধুবুৰী কণিষ্ঠ ছোৱালী মহাবিদ্যালয়ৰ সন্মুখতেই "ইণ্ডিয়ান অইল"ৰ এখন পুৰণি পেট্ৰল পাম্প সক্ৰিয় হৈ আছে। যাৰ ফলত মহাবিদ্যালয় দুখনৰ ছাত্ৰী সকলৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈ আহিছে বুলি উল্লেখ কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই।
এইখন ধুবুৰী কণিষ্ঠ ছোৱালী মহাবিদ্যালয়ৰ প্ৰায় ৫০০ ছাত্ৰী থকাৰ বিপৰীতে এইখন ধুবুৰী ছোৱালী মহাবিদ্যালয়ত আছে ১২০০ ছাত্ৰী। দুয়োখন মহাবিদ্যালয়ৰ প্ৰায় সোতৰ শ ছাত্ৰী অধ্যয়ন কৰি আছে। যদিওঁ মহাবিদ্যালয়ৰ সন্মুখৰ ভাগত দুখনকৈ পেট্ৰল পাম্প দিয়া হলে মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হব বুলি উল্লেখ কৰাৰ বিপৰীতে এই সন্দৰ্ভদ জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰিছে বুলি উল্লেখ কৰিছে ধুবুৰী কণিষ্ঠ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ছানোৱাৰ হুছেইনে।
Byte:- ছানোৱাৰ হুছেইন।
আনহাতে মহাবিদ্যালয়ৰ ছাত্ৰী সকলেও পেট্ৰল পামটো স্থাপন নকৰিবলৈ দাবী উত্থাপন কৰিছে।
Byte:- ছাত্ৰী
একেদৰে ১২০০ ছাত্ৰী অধ্যয়ন কৰা এইখন ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষৰ ফালৰ পৰাও ধুবুৰী জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰি দুখনকৈ মহাবিদ্যালয়ৰ বিপৰীত দিশত এইখন চৰকাৰী বাছ আস্থানত পেট্ৰল পাম্প নিৰ্মাণৰ নকৰিবলৈ দাবী উত্থাপন কৰিছে। আনকি জিলা উপায়ুক্তক দাখিল কৰা অভিযোগ পত্ৰৰ প্ৰতিলিপি অসমৰ শিক্ষামন্ত্ৰীৰ উপৰি অসমৰ মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰা বুলিও উল্লেখ কৰে ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ সন্তোষ কুমাৰ মালাকাৰে।
Byte:- সন্তোষ কুমাৰ মালাকাৰ।
জানিব পৰা মতে, এই নতুন পেট্ৰল পাম্প নিৰ্মাণৰ আঁৰত ধুবুৰীৰ এগৰাকী বিজেপি নেতাৰ লগতে এজন অনা অসমীয়া প্ৰতিষ্ঠিত ব্যৱসায়ী জড়িত হৈ আছে। ৰাজনৈতিক ভাবে শক্তি প্ৰয়োগ কৰি হলেও এই মহাবিদ্যালয়ৰ সন্মুখত চৰকাৰী বাছ আস্থান ভাঙি নতুনকৈ পেট্ৰল পাম্প নিৰ্মাণ কৰাত উঠি পৰি লাগিছে বুলিও জানিব পৰা গৈছে।
Conclusion: উল্লেখযোগ্য যে, দুখনকৈ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ সন্মুখতেই দুখনকৈ পেট্ৰল পাম দিয়া হলে নিশ্চিত ভাবে শৈক্ষিক পৰিৱেশ বিনষ্ট হব যদিওঁ এইক্ষেত্ৰত ভ্ৰূক্ষেপাই নাই অসম ৰাজ্যিক পৰিবহণ বিভাগ আৰু হিন্দুস্থান পেট্ৰলিয়াম কৰ্তৃপক্ষৰ। এই সন্দৰ্ভদ মহাবিদ্যালয়ৰ ফালৰ পৰা লিখিত অভিযোগ দাখিল কৰাৰ পিছতো আজিলৈকে জিলা উপায়ুক্ত তথা অসম চৰকাৰৰ ফালৰ পৰা এতিয়ালৈ কোনো সঁহাৰি পোৱা নাই বুলি অভিযোগ কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই। মনকৰিবলগীয়া যে, মহাবিদ্যালয় দুখনৰ শৈক্ষিক পৰিবেশৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰি পেট্ৰল পাম্প নির্মাণ কৰা হলে ধুবুৰী অসম ৰাজ্যিক পৰিবহণ বিভাগৰ চৰকাৰী বাছ আস্থানৰ মৃত্যু ঘণ্টা বজাটো নিশ্চিত।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

Last Updated : Jun 25, 2019, 8:08 PM IST