ETV Bharat / bharat

মুনছিয়াৰীত উপস্থিত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত

CEC Rajiv Kumar: প্ৰতিকূল বতৰৰ বাবে মুখ্য নিৰ্বাচন আয়ুক্তৰ হেলিকপ্টাৰ বুধবাৰে জৰুৰী অৱতৰণ কৰা হৈছিল । বিষয়াসকলৰ বাবে নিশাটো অতি প্ৰত্যাহ্বানজনক আছিল ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

CEC Rajiv Kumar
মুনচিয়াৰীত উপস্থিত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত (Pithoragarh District Administration)

নেশ্যনেল ডেস্ক,১৭ অক্টোবৰ : অৱশেষত উত্তৰাখণ্ডৰ মুনছিয়াৰীত উপস্থিত হ'ল ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ । বুধবাৰে চীনে দখল কৰা তিব্বত সীমান্তৰ সমীপত আৱদ্ধ হৈ পৰিছিল তেওঁ হেলিকপ্টাৰ আৰু পিথোৰাগড় জিলাৰ সীমান্তত জৰুৰী অৱতৰণ কৰিছিল ।

ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে বুধবাৰে পিথোৰাগড় জিলাৰ এখন দূৰৱৰ্তী গাঁও ৰালমত আন বিষয়াসকলৰ সৈতে নিশা কটাইছিল । বৃহস্পতিবাৰে পুৱা বতৰ ঠিক হোৱাৰ লগে লগে যাত্ৰা আৰম্ভ কৰে আৰু ৰাজীৱ কুমাৰৰ হেলিকপ্টাৰখনে মুনছিয়াৰী হেলিপেডত সুৰক্ষিতভাৱে অৱতৰণ কৰে । প্ৰতিকূল বতৰৰ বাবে হেলিকপ্টাৰখনে বুধবাৰে ৰালমত জৰুৰী অৱতৰণ কৰিব লগা হৈছিল ।

ৰাজীৱ কুমাৰসহ বিষয়াৰ দল মুনচিয়াৰীত উপস্থিত

তেওঁৰ সৈতে উত্তৰাখণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া বিজয় কুমাৰ যোগদাণ্ডে আৰু চিইচিৰ পিএছঅ' নবীন কুমাৰো আছিল । বুধবাৰে হেলিকপ্টাৰখন জৰুৰী অৱতৰণ কৰাৰ পিছত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে পিথোৰাগড় জিলাৰ হিমালয় অঞ্চলৰ ৰালম নামৰ দূৰৱৰ্তী গাঁৱত নিশা কটায় । বৃহস্পতিবাৰে পুৱা প্ৰায় ৬:৩০ বজাত তেওঁলোকে হেলিকপ্টাৰেৰে পুনৰ যাত্ৰা আৰম্ভ কৰে । আইটিবিপি আৰু বিআৰঅ'ৰ লগতে প্ৰশাসনৰ লোকসকল হেলিপেডত উপস্থিত আছিল । হেলিপেডৰ পৰা মুখ্য নিৰ্বাচন আয়ুক্ত পোনে পোনে আইটিবিপি শিবিৰলৈ ৰাওনা হয় ।

প্ৰত্যাহ্বানপূৰ্ণ নিশা

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ হিমালয়ান অঞ্চলৰ ৫ দিনীয়া ভ্ৰমণৰ আৰম্ভণিতেই বতৰে প্ৰত্যাহ্বান জনাইছে । হেলিকপ্টাৰৰ জৰুৰী অৱতৰণৰ পিছত সন্ধিয়া নিৰন্তৰ বৰষুণ হোৱা দেখা গৈছিল । যাৰ ফলত শীতৰ প্ৰকোপ অধিক আছিল । গাঁওখনৰ পৰা উভতি অহা প্ৰব্ৰজনকাৰীসকলে জনাইছে যে ৰালমৰ নিম্নতম তাপমাত্ৰা সচৰাচৰ ৫ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায় । যাৰ বাবে নিশা মুখ্য নিৰ্বাচন আয়ুক্তইও প্ৰচণ্ড শীত অনুভৱ কৰিছিল । আনকি তাত বিদ্যুৎ বা ফোনৰো কোনো ব্যৱস্থা নাছিল ।

পিথোৰাগড় জিলাৰ চীন নিয়ন্ত্ৰিত তিব্বতৰ সীমান্তৰ ওচৰৰ এই দূৰৱৰ্তী অঞ্চলত বাস কৰা লোকসকলে বিদ্যুতৰ অভাৱৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি আছে । ৰালম গাঁও এতিয়াও বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ আছে । যাৰ বাবে জৰুৰীকালীন হেলিকপ্টাৰ অৱতৰণৰ পিছত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য বিষয়াসকলেও অন্ধকাৰত নিশা কটাবলগীয়া হয় ।

উল্লেখ্য যে প্ৰতি বছৰে এপ্ৰিলৰ পৰা অক্টোবৰৰ প্ৰথম সপ্তাহলৈ ৩ হাজাৰৰো অধিক লোকে চীন সীমান্তৰ ওচৰৰ এই গাঁওখনলৈ প্ৰব্ৰজন কৰে । তেওঁলোকে প্ৰায় ৪ মাহ ৰালমৰ গ্ৰামাঞ্চলত থাকে । গাঁওখনৰ প্ৰাক্তন মুৰব্বীৰ মতে তেওঁলোকে সৌৰশক্তিচালিত এলইডি লাইট ব্যৱহাৰ কৰে ।

লগতে পঢ়ক :অৰুণাচলৰ তুষাৰাবৃত্ত পাৰ্বত্য অঞ্চলক নিজৰ বাসভূমি হিচাপে বাচি লৈছে ৩৬ টা নাহৰফুটুকীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.