ETV Bharat / state

ভদীয়া বানৰ কৱলত বিলাসীপাৰাৰ বহু গুৰুত্বপূৰ্ণ বিভাগ

বানৰ কৱলত পৰিছে বিলাসীপাৰাৰ বগৰীবাৰী ক’ভিড চিকিৎসালয়ৰ লগতে আটানী আৰক্ষী চকী আৰু খোৰাঘাট আঞ্চলিক বন কাৰ্যালয় ৷ উল্লেখনীয় যে, ক’ভিড চিকিৎসালয় খনত সম্প্ৰতি 32 গৰাকী কৰ'ণা আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে ৷

Devasting flood at Bilashipara
বিলাসীপাৰাত ভদীয়া বানৰ কৱলত বন কাৰ্যালয়, আৰক্ষী থানা, কোভিড চিকিৎসালয়
author img

By

Published : Sep 18, 2020, 10:29 AM IST

বিলাসীপাৰা, 18 ছেপ্তেম্বৰ: বিগত কেইবাদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ কৱলত পৰিছে বিলাসীপাৰাৰ বগৰীবাৰী ক’ভিড চিকিৎসালয়ৰ লগতে আটানী আৰক্ষী চকী আৰু খোৰাঘাট আঞ্চলিক বন কাৰ্যালয় ৷ উল্লেখনীয় যে, ক’ভিড চিকিৎসালয় খনত সম্প্ৰতি 32 গৰাকী কৰ'ণা আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে ৷ টিপকাই নৈৰ বাঢ়নী পানীয়ে বৃহৎ অঞ্চলটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগ সমূহ প্লাবিত কৰাত বিষেশকৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ক’ভিড চিকিৎসালয় খনত চিকিৎসাধীন হৈ থকা ৰোগী সকলৰ মাজত ৷ লগতে দুৰ্ভোগ ভুগিব লগীয়া হৈছে চিকিৎসালয় খনত কৰ্মৰত চিকিৎসক, নাৰ্চকে ধৰি স্বাস্থ্য কৰ্মী সকলে ৷

বিলাসীপাৰাত ভদীয়া বানৰ কৱলত বন কাৰ্যালয়, আৰক্ষী থানা, কোভিড চিকিৎসালয়

ইফালে নৈ খনৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে আটানী আৰক্ষী চকী ৷ লগতে কৃত্ৰিম বানৰ কবলত পৰিছে খোৰাঘাট আঞ্চলিক বন কাৰ্যালয়ৰ লগতে বিষয়া কৰ্মীৰ আৱাস গৃহসমূহ ৷ ফলত দিনে নিশাই কৰ্ম সম্পাদন কৰিব লগীয়া হোৱা আৰক্ষী চকীটোৰ আৰক্ষী বিষয়া জোৱান তথা বন কাৰ্যালয়টোৰ বিষয়া কৰ্মীৰ মাজতো সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতিৰ ৷ প্ৰতি বছৰে কৃত্ৰিম বানৰ কৱলত পৰা বন কাৰ্যালয়টোৰ বিষয়া কৰ্মী সকলৰ আৱাস গৃহটোত বানৰ পানী সোমোৱাত এক প্ৰকাৰ অনাহাৰ অৰ্ধাহাৰে থাকি কৰ্তব্য কৰিব লগা হৈছে জোৱান সকলে ৷ অতি কষ্টৰ মাজেৰে নিজৰ দায়িত্ব সম্পাদন কৰিবলগীয়া হোৱা বন বিষয়াকে ধৰি কৰ্মী সকলে এই ক্ষেত্ৰত চৰকাৰৰ সুদৃষ্টি কামনা কৰিছে ৷

লগতে পঢ়কঃ চিৰাঙত বন্যহস্তীয়ে ভাঙি চূৰমাৰ কৰিলে 10টা বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.