ETV Bharat / state

ধুবুৰী অসামৰিক চিকিৎসালয়ৰ নাৰ্চ-স্বাস্থ্য কৰ্মীৰ দেহত কৰ’ণা - ধুবুৰী চিভিল হস্পিতালৰ নাৰ্চ-স্বাস্থ্য কৰ্মীৰ দেহত কৰ’ণা

ধুবুৰীত বৃদ্ধি হৈছে ক’ভিড ৰোগীৰ সংখ্যা ৷ বুধবাৰ পৰ্যন্ত ধুবুৰীত ৬৭ জনলৈ বৃদ্ধি হৈছে কৰ’ণাক্ৰান্তৰ সংখ্যা ৷ আক্ৰান্ত হৈছে স্বাস্থ্য কৰ্মীও

ধুবুৰী চিভিল হস্পিতালৰ নাৰ্চ-স্বাস্থ্য কৰ্মীৰ দেহত কৰ’ণা

author img

By

Published : Apr 22, 2021, 6:39 AM IST

Updated : Apr 22, 2021, 6:49 AM IST

ধুবুৰী,22 এপ্ৰিল : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দিনক দিনে ধুবুৰী জিলাতো প্ৰতি মূহুৰ্তত বৃদ্ধি পাইছে ক’ভিড-19 আক্ৰান্তৰ সংখ্যা ৷ বুধবাৰ পৰ্যন্ত ধুবুৰীত ৬৭জনলৈ বৃদ্ধি হৈছে কৰ’ণাক্ৰান্তৰ সংখ্যা ৷ ক’ভিড ভেকচিন লোৱা নাৰ্চৰ দেহতো ধৰা পৰিছে ক’ভিড-১৯ৰ উপস্থিতি । বুধবাৰৰ দিনটোত ধুবুৰীত নতুনকৈ পুনৰ ১২ জনৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে বুলি জানিবলৈ দিয়ে জিলা স্বাস্থ্য বিভাগে ।

ধুবুৰী অসামৰিক চিকিৎসালয়ৰ নাৰ্চ-স্বাস্থ্য কৰ্মীৰ দেহত কৰ’ণা

উল্লেখ্য যে,বুধবাৰে আক্ৰান্ত হোৱা ১২জনৰ ভিতৰত পাঁচজন লোকৰ দেহত পজিটিভ ধৰা পৰে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ ক’ভিড পৰীক্ষা কেন্দ্ৰত । ইয়াৰে ক’ভিড ভেকচিন লোৱা এগৰাকী নাৰ্চ আক্ৰান্ত হয় কৰ’ণাত । শিৱসাগৰ জিলাৰ চৰাইদেওৰ লালি তাঁতী নামৰ ২৪ বছৰীয়া এগৰাকী নাৰ্চে ভেকচিন লৈছিল, যদিও নাৰ্চ গৰাকীৰ দেহতো ধৰা পৰে ক’ভিড-19ৰ উপস্থিতি ৷ আনহাতে, ধুবুৰী অসামৰিক চিকিৎসালয়ত কৰ্মৰত ছফিকুল ইছলাম নামৰ আন এগৰাকী স্বাস্থ্য কৰ্মী (ৱাৰ্ড বয়)ৰ দেহতো ধৰা পৰে ক’ভিড-১৯ৰ অৱস্থিতি ।

ইয়াৰ উপৰিও, ধুবুৰী জিলা কাৰাগাৰৰ মইনুদ্দিন আলী নামৰ এগৰাকী কয়দী, বিলাসীপাৰাৰ বয়জেৰ আলগা অঞ্চলৰ হাৰান আলী নামৰ এজন শ্ৰমিক, ধুবুৰীত কৰ্মৰত AECON নামৰ কোম্পানীটোৰ একাউণ্টেন্ট সুভাসিশ চক্ৰবৰ্তীৰ দেহত ধৰা পৰে ক’ভিড-১৯ ৰ উপস্থিতি । প্ৰাপ্ত তথ্য অনুসৰি, আটাইকেইজন ক’ভিড ৰোগীক বৰ্তমান হোম আইচলেচনত ৰখা হৈছে ৷

লগতে পঢ়ক: গুজৰাটত অক্সিজেনৰ অভাৱত ১০ গৰাকী ৰোগীৰ মৃত্যু

Last Updated : Apr 22, 2021, 6:49 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.