ETV Bharat / state

দুৰ্বল কাঠৰ দলঙৰে বিপদসংকুল যাত্ৰা: হাহাকাৰ ৰাইজৰ

author img

By

Published : Jun 20, 2022, 2:28 PM IST

সমগ্ৰ ৰাজ্যত জটিলৰূপ ধাৰণ কৰিছে বলিয়া বানে(Flood situation of Assam) । ওফন্দি উঠিছে নৈ-উপনৈৰ জলপৃষ্ঠ । সমান্তৰালভাৱে ধুবুৰী জিলাতো দেখা পোৱা গৈছে ভয়ংকৰ বান(Flood at Dhuburi) । ইয়াৰ মাজতে এখন কাঠৰ দলঙে বিপদ মাতিছে ধুবুৰীৰ এটা অঞ্চলৰ ৰাইজৰ মাজলৈ ।

dangerous communication system with wooden bridges in dhubri
দুৰ্বল কাঠৰ দলঙৰে বিপদসংকুল যাত্ৰা: কাঠৰ ফুটব্ৰীজৰ ওপৰেৰে বৈছে পানী

ধুবুৰী, ২০ জুন: বছৰটোৰ দ্বিতীয়টো বানত জুৰুলা সমগ্ৰ ৰাজ্য(Flood situation of Assam) । বানে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ধুবুৰীৰ বিভিন্ন অঞ্চলত(Flood at Dhuburi) । নামনি অসমৰ ধুবুৰীত ক্ৰমান্বয়ে বাঢ়িছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বাঢ়নী পানী । ফলত প্লাৱিত হৈ পৰিছে জিলাখনৰ প্ৰায় ছয় শতাধিক গাঁও । বানৰ কৱলত পৰিছে লক্ষাধিক লোক(Lakhs of people have been affected by floods) ।

ঠিক তেনে সময়তে ধুবুৰী জিলাৰ গদাধৰ নৈৰ ওপৰত থকা সাহেৱগঞ্জ-লালকুৰা সংযোগী কাঠৰ ফুটব্ৰীজৰ প্ৰতি বানে আনিছে চৰম ভাবুকি(Gadadhar river flood affects foot bridge) । কাঠৰ ফুট ব্ৰীজৰ মাজৰ অংশ ভাঙি যোৱাৰ ফলত ওপৰেৰে বৈছে পানী । ফলত যিকোনো মুহূৰ্ততে দলং খন উটি যোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । বিপদসংকুলভাৱে সাহেবগঞ্জ আৰু লালকুৰা অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজে পাৰাপাৰ হৈছে এইখন বিধ্বস্ত দলঙেখনেৰে ।

দুৰ্বল কাঠৰ দলঙৰে বিপদসংকুল যাত্ৰা

স্থানীয় অসংখ্য লোকৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়েও বিপদ সংকুলভাৱে পাৰাপাৰ হৈছে কাঠৰ ফুট ব্ৰীজ খনেৰে । উক্ত স্থানত বিগত দুটা বছৰে এখন পকী দলঙৰ নিৰ্মাণ কাৰ্য চলিছে যদিও নির্মাণকাৰ্য সম্পন্ন নোহোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । প্ৰশাসনৰ তৰফৰ পৰা কাঠৰ দলংখন ধ্বংসস্তূপত পৰিণত হোৱাত নির্মাণৰত দলং খনৰ ওপৰেৰে ৰাইজৰ যাতায়তৰ এক ব্যৱস্থা কৰি দিয়া হৈছে ।

কিন্তু সেইফালেৰে কোনো যান-বাহন চলাচল কৰিব নোৱাৰাৰ উপৰিও চিকিৎসা সেৱাৰ ক্ষেত্ৰত জৰুৰীকালীন সেৱা ব্যাহত হৈ পৰিছে । ইয়াকে লৈ চিন্তিত হৈ পৰিছে স্থানীয় সচেতন ৰাইজ । প্ৰশাসনে শীঘ্ৰে যন্ত্ৰচালিত নাও অথবা বিকল্প ব্যৱস্থা গ্ৰহণ নকৰিলে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: Assam Flood: বাঢ়নী পানীত উটি গৈ প্ৰাণ হেৰুৱালে দুই কৰ্তব্যৰত আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.