ETV Bharat / state

মানকাচৰৰ ভাৰত বাংলা সীমান্তত অব্যাহত গৰুৰ চোৰাং বেহা

দক্ষিণ শালমাৰা মানকাচৰৰ ভাৰত বাংলা সীমান্তত অব্যাহত গৰুৰ চোৰাং বেহা । পুনৰ বি এছ এফৰ জালত পৰিল আঠটাকৈ চোৰাং গৰু সহ দুটা চোৰাং সৰবৰাহকাৰী ।

মানকাচৰৰ ভাৰত বাংলা সীমান্তত অব্যাহত গৰুৰ চোৰাং বেহা
author img

By

Published : Aug 22, 2019, 10:37 PM IST

ধুবুৰী, 22 আগষ্টঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলা সীমান্তই দি অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । বি এছ এফৰ অভিযানত আঠটাকৈ চোৰাং গৰু সহ আটক দুই সৰবৰাহকাৰী । সীমান্ত সুৰক্ষা বাহিনীৰ চকুত ধূলি দি মানকাচৰ ভাৰত-বাংলা সীমান্তৰে একাংশ চোৰাং বেপাৰীয়ে বাংলাদেশলৈ চলাই গৈছে চোৰাং গৰুৰ বেহা ।

মানকাচৰৰ ভাৰত বাংলা সীমান্তত অব্যাহত গৰুৰ চোৰাং বেহা

আনহাতে ভাৰত-বাংলা সীমান্তৰ শিশুমাৰা বি ও পিৰ ৬ নং বি এন বি এছ এফৰ কৰ্তব্যৰত বি এছ এফ জোৱানে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ৮ টাকৈ চোৰাং গৰু সহ দুটা চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । বাংলাদেশলৈ গৰুৰ চোৰাং চালান দিবলৈ লওঁতেই আটক হোৱা সৰবৰাহকাৰী দুটা মুলুক চান্দ আৰু আশাফুল আলী বুলি জানিব পৰা গৈছে। সীমান্ত সুৰক্ষা বাহিনীয়ে ৮ টা গৰু সহ আটক সৰবৰাহকাৰী দুটাক ইতিমধ্যে খাৰুৱা বান্ধা আৰক্ষীৰ হাতত গতাই দি এজাহাৰ দাখিল কৰিছে।

Intro:দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলা সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং কাৰবাৰ। পুণৰ বি এছ এফৰ জালত পৰিল আঠটাকৈ চোৰাং গৰু সহ দুজন চোৰাং সৰবৰাহকাৰী।Body:হয়, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলা সীমান্তইদি এতিয়াও অব্যাহত আছে গৰুৰ ভয়াৱহ চোৰাং কাৰবাৰ। বি এছ এফৰ অভিযানত পুণৰ আঠটাকৈ চোৰাং গৰু সহ আটক হল দুই সৰবৰাহকাৰী। উল্লেখযোগ্য যে, সীমান্ত সুৰক্ষা বাহিনীৰ চকুত ধূলি দি মানকাচৰ ভাৰত-বাংলা সীমান্তৰে একাংশ চোৰাং বেপাৰীয়ে চলাই গৈছে বাংলাদেশলৈ চোৰাং গৰুৰ ৰমৰমীয়া বেহা। এনে সময়তে মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় তিনি কিলো মিটাৰ নিলগত দক্ষিণ শালমাৰা আৰক্ষী থানাৰ অন্তৰ্গত খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ ভাৰত-বাংলা সীমান্তৰ শিশুমাৰা বি ও পিৰ ৬ নং বি এন বি এছ এফৰ কৰ্তব্যৰত বি এছ এফ জোৱানে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ৮ টাকৈ চোৰাং গৰু সহ দুজন চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। বাংলাদেশলৈ গৰুৰ চোৰাং চালান দিবলৈ লওঁতেই আটক হোৱা সৰবৰাহকাৰী দুজন সুখচৰ ভাৰত-বাংলা সীমান্তৰ পাইকাৰ কান্দি গাৱঁৰ বাসিন্দা দিশাদ আলীৰ পুত্ৰ মুলুক চান্দ (২৫) আৰু দক্ষিণ খোপাতীয়া গাৱঁৰ বাসিন্দা বক্কৰ আলীৰ পুত্ৰ আশাফুল আলী(২৮) বুলি জানিব পৰা গৈছে। সীমান্ত সুৰক্ষা বাহিনীয়ে ৮ টা গৰু সহ আটক সৰবৰাহকাৰী দুজনক ইতিমধ্যে খাৰুৱা বান্ধা আৰক্ষীৰ হাতত গতাই দি এখন এজাহাৰ দাখিল কৰিছে। Conclusion:মন কৰিবলগীয়া যে, সীমান্ত সুৰক্ষা বাহিনী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা বুলি দাবী কৰাৰ সময়তে কেনেকৈ একাংশ বেপাৰীয়ে গৰুৰ চোৰাং কাৰবাৰ অব্যাহত ৰাখিছে সেয়া কিন্তু এক ৰহস্যৰ বিষয় হৈ পৰিছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.