ETV Bharat / state

গৰু-ম'হৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে সক্ৰিয় ধুবুৰী আৰক্ষী - Cow peddler detained at Bilashipara

বিভিন্ন সময়ত আৰক্ষীৰ অভিযানত বহু চোৰাং ব্যৱসায়ী তথা সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰি আহিছে যদিও হ্ৰাস পোৱা নাই গৰু-মহৰ চোৰাং ব্যৱসায় ৷

Cow peddler detained at Bilashipara
গৰু-ম'হৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অধিক সক্ৰিয় ধুবুৰী আৰক্ষী
author img

By

Published : Sep 5, 2020, 2:50 PM IST

পশ্চিম বিলাসীপাৰা, 5 ছেপ্তেম্বৰ: ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত বিভিন্ন নদী পথেৰে নিতৌ বাংলাদেশলৈ সৰবৰাহ হৈ আহিছে গৰু -ম'হকে ধৰি বিভিন্ন পশুধন ৷ বিভিন্ন সময়ত আৰক্ষীৰ অভিযানত বহু চোৰাং ব্যৱসায়ী তথা সৰবৰাহকাৰী জালত পৰি আহিছে যদিও হ্ৰাস পোৱা নাই গৰু-মহৰ চোৰাং ব্যৱসায় ৷

শুকুৰবাৰে নিশা নয়াহাট বজাৰৰ সমীপৰ পৰা বহু কেইটা চোৰাং ম'হ সহ এটা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ এক গোপন সূত্ৰৰ ভিত্তিত নয়াহাট আৰক্ষীয়ে চলোৱা অভিযানত 15 টাকৈ ম'হ উদ্ধাৰ হোৱাৰ লগতে আৰক্ষীৰ জালত পৰিল আয়নাল হ'ক নামৰ চোৰাং সৰবৰাহকাৰীটো ৷ অধিক তথ্যৰ বাবে আটকাধীন আয়নাল হকক জেৰা চলাইছে আৰক্ষীয়ে ৷ আটকাধীন সৰবৰাহকাৰীটো বি টি এ ডি এলেকাৰ শ্ৰীৰামপুৰৰ বাসিন্দা বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷

গৰু-ম'হৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অধিক সক্ৰিয় ধুবুৰী আৰক্ষী

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশাও বিলাসীপাৰা আৰক্ষীয়ে অভিযান চলাই, নদীপথেৰে বাংলাদেশ অভিমুখে নি থকা অৱস্থাতে গৌৰাং নৈৰ পৰা নাওঁ সহ উদ্ধাৰ কৰিছিল 7 টা ম'হ আৰু 6 টা গৰু ৷ সম্প্ৰতি গৰু ছিণ্ডিকেট চক্ৰই বিলাসীপাৰা মহকুমাৰ নদী পথকেই সাৰথি কৰি লৈছে বুলি জনালে আৰক্ষীয়ে ৷ তাৰোপৰি মহকুমাটোৰ অন্তৰ্গত গৌৰাং, টিপকাই, সোণকোষ, চম্পাৱতী আদি নদীৰে, যন্ত্ৰ চালিত নাৱৰে বহিঃৰাজ্যৰ পৰা অনা গৰু আৰু ম'হ বাংলাদেশলৈ সৰবৰাহ কৰি অহাৰ অভিযোগ সৰ্বজনবিদিত ৷

লগতে পঢ়কঃ সুস্থিৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.