ETV Bharat / state

ধুবুৰীত ১৯ জনলৈ বৃদ্ধি কৰ’ণা ৰোগীৰ সংখ্যা - RTPCR

ধুবুৰীত সোমবাৰে নতুনকৈ পুনৰ ৮ জনৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ ৰ অৱস্থিতি ৷ ফলত জিলাখনত ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি পাইছে ৷ উল্লেখ্য যে, পূৰ্বে জিলাখনত ১১ জন লোকৰ দেহত ধৰা পৰিছিল ক’ভিড-১৯ ৰ অৱস্থিতি ৷

ধুবুৰীত ১৯জনলৈ বৃদ্ধি ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা

author img

By

Published : Apr 12, 2021, 10:52 PM IST

ধুবুৰী,১২ এপ্ৰিল: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰীতো বৃদ্ধি পাইছে মহামাৰী কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ ধুবুৰী জিলাত সোমবাৰে নতুনকৈ পুনৰ ৮ জনৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ ৰ অৱস্থিতি ৷ ফলত ধুবুৰীত ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি পাইছে ৷ উল্লেখ্য যে, পূৰ্বে জিলাখনত ১১ জন লোকৰ দেহত ধৰা পৰিছিল ক’ভিড-১৯ ৰ অৱস্থিতি ৷

আনহাতে, ৰাজ্য চৰকাৰে প্ৰতিদিনে এক লাখ লোকৰ ৰেপিড এণ্টিজেন টেষ্ট আৰু আৰটিপিচিআৰ টেষ্ট কৰাৰ এক জাননী জাৰি কৰিছিল ৷ যাৰ ফলশ্ৰুতিত ধুবুৰীৰ বিভিন্ন স্থানতো দেওবাৰৰ পৰা আৰম্ভ হৈছে ক’ভিড টেষ্ট ৷ জিলা স্বাস্থ্য বিভাগে দিয়া তথ্য অনুসৰি ধুবুৰী নগৰীয়া স্বাস্থ্য আৰু পৰিয়াল কল্যাণ কেন্দ্ৰত ১১২ জন, ধুবুৰী অসামৰিক চিকিৎসালয়ত ১৯৭ জন, হালাকুৰাত ৫৩৫ জন, গোলকগঞ্জত ৮৫৩ জন, চাপৰত ৭১০ জন, ৰাণীগঞ্জত ৬১৬ জন, ধৰ্মশালাত ৯১২ জনক ক’ভিড টেষ্ট কৰাৰ বিপৰীতে দক্ষিণ শালমাৰাতো ১৬৯৪ জন লোকক ক’ভিড টেষ্ট কৰোৱা হৈছে ।

ধুবুৰীত সোমবাৰৰ দিনটোতেই মুঠ ৫,৬২৯ জন লোকক ক’ভিড টেষ্ট কৰা হয় । ইয়াৰে ৮ জন লোকৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি লাভ কৰে স্বাস্থ্য বিভাগে । ফলত জিলাখনত ক’ভিড আক্ৰান্তৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি পাইছে ।

উল্লেখ্য যে, সোমবাৰে সংক্ৰমিত ৮ জন ৰোগীৰ ভিতৰত দুজন ৰোগী হৈছে ধুবুৰী চহৰৰ । এজন তিনি নম্বৰ ৱাৰ্ডৰ স্বপন দাস আৰু আনজন ব্যক্তিক এঘাৰ নম্বৰ ৱাৰ্ডৰ মেহবুব আলম বুলি চিনাক্ত কৰা হৈছে । ইয়াৰে মেহবুব আলম নামৰ ব্যক্তি গৰাকীয়ে দেওবাৰে গুৱাহাটীৰ পৰা ঘৰলৈ আহিছিল আৰু স্বপন নামৰ ব্যক্তি গৰাকীয়ে প্ৰায় তিনিদিনৰ পূৰ্বে কলকাতাৰ পৰা ৰে’লযোগে ঘৰলৈ আহিছিল বুলি জানিব পৰা গৈছে ।

ইপিনে ক’ভিড মহামাৰীৰ বাবে জিলাখনত ১৪৪ ধাৰা বলৱৎ কৰিছে ধুবুৰীৰ জিলা প্ৰশাসনে । কিন্তু সাধাৰণ ৰাইজে ক’ভিড বিধি আৰু ১৪৪ ধাৰা অনুযায়ী বান্ধি দিয়া নীতি-নিৰ্দেশনা মানি চলা পৰিলক্ষিত হোৱা নাই । এইক্ষেত্ৰত মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব মানি নচলাসকলৰ ক্ষেত্ৰত প্ৰয়োজনত উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰে জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই । লগতে সকলো ৰাইজক ক’ভিড বিধি মানি চলিবলৈ আহ্বান জনাইছে ধুবুৰীৰ উপায়ুক্ত গৰাকীয়ে ।

লগতে পঢ়ক: বিশ্বনাথৰ এগৰাকীৰ দেহত ক’ভিড-১৯

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.