পূৱ বিলাসীপাৰা, 25 জানুৱাৰী : সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসমৰ পূৱ বিলাসীপাৰাৰ চাপৰ প্ৰাথমিক চিকিৎসালয়ত ক'ভিড ভেকচিন কেন্দ্ৰ মুকলি । ভেকচিন কেন্দ্ৰটোৰ প্ৰথম ভেকচিন গ্ৰহণ কৰে চাপৰ প্ৰাথমিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া হুছেইন আলী আহমেদে । চাপৰ প্ৰাথমিক চিকিৎসালয়ৰ প্ৰায় ৮০০ স্বাস্থ্যকৰ্মীয়ে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব এই ভেকচিন । প্ৰতিদিনে 100 গৰাকী স্বাস্থ্যকৰ্মীক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে চিকিৎসালয়খনে ।
কেন্দ্ৰটোত চাপৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক কৰ্মীৰ লগতে আশাকৰ্মী সকলোকো প্ৰতিষেধক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে জিলাখনৰ স্বাস্থ্য বিভাগে । আনহাতে, ক'ভিড ভেকচিন গ্ৰহণ কৰি নিজকে গৌৰান্বিত অনুভৱ কৰে চিকিৎসক কৰ্মীসকলে ।
লগতে পঢ়ক : বেলতলাৰ জামে মছজিদত প্ৰৱেশ কৰা কোন এই 15 জনীয়া দুৰ্বৃত্ত ?