ETV Bharat / state

অশোকাষ্টমীত স্নান কৰা মহিলা ভক্ত ক’ভিডত আক্ৰান্ত - ক’ভিড

ধুবুৰীত মহা অশোকাষ্টমী পূজাত স্নান কৰিবলৈ যোৱা এগৰাকী মহিলা ভক্ত আক্ৰান্ত হৈছে ক’ভিড-19ত ৷ ঘটনাস্থলীত আতংকময় পৰিস্থিতি ৷

covid-positive-at-dhubri
অশোকাষ্টমীত স্নান কৰা মহিলা ভক্ত ক’ভিডত আক্ৰান্ত
author img

By

Published : Apr 20, 2021, 2:06 PM IST

ধুবুৰী,20 এপ্ৰিল: ক'ভিড সংক্ৰমণৰ মাজতে সোমবাৰে ধুবুৰীত অনুষ্ঠিত হয় মহা অশোকাষ্টমী পূজা ৷ ধুবুৰী জিলা প্ৰশাসনে বান্ধি দিয়া কঠোৰ নিয়মাৱলীৰ মাজতে ধৰ্মীয় ৰীতি-নীতিৰে অনুষ্ঠিত কৰা অশোকাষ্টমীৰ পৱিত্ৰ স্নান পৰ্বৰ প্ৰাক-মূহূৰ্তত ভক্ত সকলৰ বাবে বাধ্যতামূলক কৰা হৈছিল ক'ভিড পৰীক্ষা ৷

জিলা প্ৰশাসনে স্নানস্থলীৰ ওচৰত তিনিখনকৈ পাৰঘাটত পাঁচটাকৈ অস্থায়ী ক'ভিড পৰীক্ষা কেন্দ্ৰ স্থাপন কৰি ভক্তসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ এই শিবিৰতে এগৰাকী মহিলা ভক্তৰ দেহত ধৰা পৰে ক'ৰণা ভাইৰাছৰ অৱস্থিতি ৷ আগমণিৰ ঝাশকাল অঞ্চলৰ কল্পনা ৰায় নামৰ মহিলাগৰাকীৰ দেহত ক'ৰণাৰ উপস্থিতি ধৰা পৰাৰ পাচতে সৃষ্টি হয় আতংকময় পৰিস্থিতিৰ ৷

উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে মহিলা গৰাকীয়ে আত্মীয়ৰ অস্থি বিসৰ্জনৰ বাবে গোৱালৈ গৈছিল ৷ গোৱাৰ পৰা উভতি অহাৰ পাচত মহিলাগৰাকীয়ে কোনো ধৰণৰ পৰীক্ষা কৰোৱা নাছিল যদিও সোমবাৰে ব্ৰহ্মপুত্ৰৰ ঘাটত আন বহু ভক্তৰ সৈতে স্নান কৰাৰ পাচতে ইতিবাচক ফলাফল লাভ কৰে ৷ সম্প্ৰতি স্বাস্থ্য বিভাগৰ দলে মহিলাগৰাকীক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি হোম আইচ'লেশ্বনত ৰখাৰ ব্যৱস্থা কৰিছে যদিও সমগ্ৰ জিলা খনতে গণ সংক্ৰমণৰ আশংকা কৰা হৈছে ৷

লগতে পঢ়ক : হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে কৰ'ণাত আক্ৰান্তৰ সংখ্যাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.