ETV Bharat / state

এট গড়কাপ্তানি পথ বন্ধ কৰি দিয়াৰ হুংকাৰ ৰাইজৰ ! - পুৰণিকলীয়া পদ্ধতি

দক্ষিণ শালমাৰাত পথ মেৰামতিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ । জিলা খনৰ হাটশিঙিমাৰীৰ পৰা মানকাচৰ লৈ যোৱা গড়কাপ্তানি পথৰ মেৰামতিৰ কামত অনিয়ম সংঘটিত কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে । উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৰাইজৰ।

corruption in road repairing in South Salmara

author img

By

Published : May 7, 2020, 6:06 PM IST

ধুবুৰী, 7 মে' : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী-মানকাচৰ সংযোগী গড়কাপ্তানি পথৰ মেৰামতিৰ কামত অনিয়মৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । ২০১৯-২০ বিত্তীয় বৰ্ষৰ SOPD(FDR) আঁচনিৰ অধীনত ৬ কিল'মিটাৰ দৈৰ্ঘৰ গড়কপ্তানি পথটোৰ মেৰামতিৰ বাবদ চৰকাৰে আৱন্টন দিছে ২,৬৬,৬১,৬০০ টকা। ইয়াৰ ঠিকা লাভ কৰিছে হাটশিঙিমাৰীৰ শোভন কুমাৰ সাহা এজন ঠিকাদাৰে ।

এট গড়কাপ্তানি পথ বন্ধ কৰি দিয়াৰ হুংকাৰ দিলে ৰাইজে !

কিন্তু পৰিতাপৰ বিষয় যে ঠিকাদাৰ শোভন কুমাৰ সাহাই পথটো পৰা খান্দি উলিওৱা পুৰণি শিলগুটিকে পুনৰবাৰ ব্যৱহাৰ কৰাৰ লগতে নিম্নমানৰ সামগ্ৰীৰে কামটো কৰি থকাত ক্ষোভিত হৈ পৰিছে জিলাখনৰ সচেতন ৰাইজ । আনেকি ঠিকাদাৰজনে পথটো পৰিষ্কাৰ নকৰাকৈ আৰু পানী নঢলাকৈ পুৰণিকলীয়া পদ্ধতিৰে কাম আৰম্ভ কৰাৰ অভিযোগ কৰিছে ৰাইজে ৷ খুৱ কম সময়ৰ ভিতৰতে পথটো বেয়া হ'ব বুলি আংশকা প্ৰকাশ কৰিছে ৰাইজে ।

আনহাতে, কামটো ভাল সামগ্ৰীৰে সঠিকভাৱে সম্পূৰ্ণ কৰাৰ লগতে নিম্নমানৰ সামগ্ৰীৰে কাম কৰা ঠিকাদাৰ শোভন কুমাৰ সাহাৰ বিৰুদ্ধে বিহীত ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ লগতে প্ৰশাসন তথা চৰকাৰক দাবী জনাই সচেতন মহলে । উল্লেখযোগ্য যে, জিলা প্ৰশাসন অথবা চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু আঁচনি মতে পথৰ কাম নকৰালে মেৰামতিৰ কাম বন্ধ কৰি দিব বুলিও হুংকাৰ দিছে ৰাইজে ।

লগতে পঢ়ক : শিলচৰৰ Covid 19 ত আক্ৰান্তৰ গাঁও ছীল প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.