ETV Bharat / state

ধুবুৰীৰ কোৱাৰেণ্টাইন কেন্দ্ৰত খাদ্য যোগানৰ নামত দুৰ্নীতিৰ অভিযোগ - Corruption in food supply at Dhubri quarantine center etv Bharat Assam

ধুবুৰীৰ কোৱাৰেণ্টাইনত খাদ্য যোগানৰ নামত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে একাংশ ভুক্তভোগী লোকে। খোৱা পানী আৰু খাদ্যৰ বাবে হাহাকাৰ কোৱাৰেন্টাইন হৈ থকা লোকসকলৰ মাজত ৷

Corruption in food supply at  Dhubri quarantine centre
ধুবুৰীৰ কোৱাৰেণ্টাইন কেন্দ্ৰত খাদ্য যোগানৰ নামত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Jun 1, 2020, 2:43 PM IST

ধুবুৰী, 1 মে: ধুবুৰীৰ কোৱাৰেন্টাইন কেন্দ্ৰত খাদ্য যোগানৰ নামত চৰম দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ একাংশ ভুক্তভোগী শ্ৰমিকৰ । ঘটনা সন্দৰ্ভত, ধুবুৰী জিলাৰ গৌৰীপুৰৰ ২৪০৪ নং হাজাৰিঝৰ্ণা নিম্ন প্ৰাথমিক বিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত বিগত কেবাদিনে অনুপযোগী খাদ্য আৰু পানী যোগান ধৰা বুলি জানিবলৈ দিয়ে একাংশ শ্ৰমিকে ৷

ধুবুৰীৰ কোৱাৰেণ্টাইন কেন্দ্ৰত খাদ্য যোগানৰ নামত দুৰ্নীতিৰ অভিযোগ

মহাৰাষ্ট্ৰৰ পৰা অহা ৬৩ জন শ্ৰমিকক এই কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখাৰ পাছত দহ দিনৰ ভিতৰত এইসকল লোকৰ স্বাৱ টেষ্টৰ বাবেও নমুনা সংগ্ৰহ কৰা নাই বুলি জানিবলৈ দিয়ে শ্ৰমিকসকলে । খাদ্য যোগান ধৰাৰ নামত চৰম দুৰ্নীতি সংঘটিত হৈ অহাৰ লগতে 10 দিন পাৰ হৈ যোৱা পৰ্যন্ত এইসকল শ্ৰমিকৰ কাষত কোনো প্ৰশাসনৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ কৰে শ্ৰমিকসকলে ৷

উল্লেখ্য যে,কেন্দ্ৰটোত থকা প্ৰতিজন লোকৰ খাদ্যৰ বাবদ চৰকাৰে ৫০০ টকাকৈ নিৰ্ধাৰণ কৰি দিছে যদিও দিনটোৰ আহাৰৰ নামত কেৱল নামমাত্ৰ টকা খৰচ কৰা বুলি জানিবলৈ দিয়ে শ্ৰমিকসকলে ৷ উপায়বিহীন হৈ চৰকাৰক শীঘ্ৰে এই দুৰ্নীতি সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী শ্ৰমিকসকলে ৷

লগতে পঢ়কঃ হোজাইত উপস্থিত মুম্বাইৰ পৰা অহা শ্ৰমিক ৰেল

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.