ETV Bharat / state

চাপৰত ঠিকাদাৰৰ ময়-মতালি

ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰাৰ চাপৰত ঠিকাদাৰৰ ময়-মতালি । চাহ বাগিচাৰ আৰ্দশ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাম এৰি পলায়নৰ চেষ্টা ঠিকাদাৰৰ । ৰাইজ আৰু আছাৰ বিষয়ববীয়াই আটক কৰিলে সা-সামগ্ৰী । ঘটনাস্থলীত দণ্ডাধীশ আৰু চাপৰ আৰক্ষী উপস্থিত ।

চাপৰত ঠিকাদাৰৰ ময়-মতালি
চাপৰত ঠিকাদাৰৰ ময়-মতালি
author img

By

Published : Feb 12, 2021, 2:30 PM IST

পূৱ বিলাসীপাৰা, ১২ ফেব্ৰুৱাৰী: ঠিকাদাৰৰ ময়-মতালিৰ ফল ভোগ কৰিবলগীয়া হৈছে ধুবুৰী জিলাৰ চাপৰবাসীয়ে । নিৰ্মাণৰ দায়িত্ব লাভ কৰা আৰু ক্ৰুটিপূৰ্ণ কামৰ বাবে সম্প্ৰতি সমস্যাত ভুগিছে পূৱ বিলাসীপাৰাৰ চাপৰবাসীয়ে ।

ঘটনা অনুসৰি, চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তিনিখন চাহ বাগিচা ক্ৰমে চাপৰ চাহ বাগিচা, চৈবাৰী চাহ বাগিচা আৰু কৃষ্ণকলি চাহ বাগিচাত শেহতীয়াকৈ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল ঠিকাদাৰ ছাইনো বসুমাতাৰীয়ে । প্ৰতিখন বিদ্যালয়ৰ নিৰ্মাণৰ নামত ১ কোটি ৫ লাখকৈ টকা মুঠ মুঠ ২ কৌটি ১০ লাখ নিবিদা বিচাৰিছিল বসুমাতাৰীয়ে । যদিও বৃহৎ অংকৰ টোপোলা বিচাৰিছিল কিন্তু পৰৱৰ্তী সময়ত ১ কোটি ৮৯ লাখ ৯১ হাজাৰ টকাতে বিদ্যালয় দুখনৰ কাম তিনি মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিব বুলি নিবিদা গ্ৰহণ কৰিছিল ঠিকাদাৰে ছাইনো বসুমাতাৰীয়ে ।

চাপৰত ঠিকাদাৰৰ ময়-মতালি

আছাৰ অভিযোগ অনুসৰি, পৰৱৰ্তী সময়ত ধনৰ অংক কম হোৱাত বিভিন্ন অজুহাত দেখুৱাই আধাতে কাম সামৰি পলাবলৈ চেষ্টা কৰাৰ সময়তে স্থানীয় ৰাইজ আৰু আছাৰ কৰ্মীসকলে আগভেটি ধৰে বসুমাতাৰীক । সৌভাগ্যক্ৰমে ৰাইজৰ ৰোষৰ পৰা পলাই পত্ৰং দিবলৈ সক্ষম হয় ঠিকাদাৰ বসুমতাৰী ।

ইফালে পলাই পত্ৰং দিয়ে যদিও কাম কৰিবলৈ অনা ৰড, চিমেন্ট আদি নিবলৈ সক্ষম নহ'ল । পিছ মুহূৰ্ততে স্থানীয় ৰাইজ আৰু আছাৰ কৰ্মীসকলে চাপৰ আৰক্ষীক ঘটনা সন্দৰ্ভত এক এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত চাপৰ আৰক্ষী আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লয় ।

ঠিকাদাৰ বসুমতাৰীৰ এই কাণ্ডত এতিয়া চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে চাপৰবাসীৰ মাজত । কি হ'ব এইসকল ৰাইজৰ সন্তানৰ ভৱিষ্যৎ । এই সন্দৰ্ভত স্থানীয় ৰাইজ আৰু আছাৰ তৰফৰ পৰা শুকুৰবাৰে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে আছাই ।

লগতে পঢ়ক:এতিয়াৰ গণতন্ত্ৰ হৈছে প্ৰজাতন্ত্ৰ : অসম নাগৰিক সমাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.