ETV Bharat / state

Stain on khaki again: আৰক্ষীৰ নামত ভয় ভাবুকি দি ধন দাবী কনিষ্টবলৰ - Constable arrested for extorting money

আৰক্ষীৰ খাকী পোছাকত কালিমা সানিলে কনিষ্টবলে (Stain on khaki again) ৷ নিজকে আৰক্ষী অধীক্ষকৰ দেহৰক্ষী বুলি পৰিচয় দি ভয় ভাবুকিৰে অপৰাধজনিত কাৰ্যত লিপ্ত হোৱাৰ লগতে ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল এজন কনিষ্টবল (Constable arrested for extorting money)৷

ধনৰ খঁক মৰা নাই কনিষ্টবলৰ
ধনৰ খঁক মৰা নাই কনিষ্টবলৰ
author img

By

Published : Jul 9, 2022, 9:58 PM IST

ধুবুৰী, 8 জুলাই : পুনৰ খাকী পোছাকত লাগিল চেকা ৷ যোৱা কেইদিনক নগাঁও জিলাত তিনিগৰাকীকৈ আৰক্ষীৰ লোক ধনৰ লেনদেনৰ গোচৰত আটক হোৱাৰ পিছতে ধুবুৰীত পোহৰলৈ আহিছে আন এজন কনিষ্টবলৰ উদ্ভণ্ডালিৰ ঘটনা ৷ আৰক্ষীৰ নামত ভয় ভাবুকি দি অপৰাধজনিত কাৰ্যত লিপ্ত হোৱাৰ লগতে ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল এজন কনিষ্টবল (Police constable allegedly extortion case) ৷

প্ৰাপ্ত খবৰ অনুসৰি, শুকুৰবাৰে নিশা এজন যুৱকৰ পকেটত ড্ৰাগছৰ পেকেট সোমোৱাই দি যুৱকজনক দাবী ধমকি প্ৰদানেৰে হাইদৰ আলী নামৰ কনিষ্টবলজনে ধন দাবী কৰি থকাৰ এক খবৰ ধুবুৰী আৰক্ষীয়ে লাভ কৰে (Police constable arrested in Dhubri)৷ খবৰ পোৱাৰ পাছতে সেই স্থানত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই স্থানীয় ৰাইজে হাইদৰক ধৰি উত্তম মাধ্যম সোধায় ৷

ধনৰ খঁক মৰা নাই কনিষ্টবলৰ

দীৰ্ঘদিনৰ পৰা কনিষ্টবলজনে এইদৰেই অঞ্চলটোৰ একাংশ লোকৰ পৰা ধমকি দি ধন লুটাৰ কথা আৰক্ষীক জানিবলৈ দিয়ে স্থানীয় লোকে ৷ তাৰ পিছতেই কনিষ্টবলজনক ধুবুৰী বি এন কলেজ নগৰ আৰক্ষীক গতাই দিয়ে উত্তেজিত ৰাইজে ।

উল্লেখ্য যে ধুবুৰীস্থিত 8APBN ত কৰ্মৰত হৈ আছিল আৰক্ষী কনিষ্টবল হাইদৰ আলী । জিলা আৰক্ষী অধীক্ষকৰ কনভয়ত নিয়োজিত হৈ থকা হাইদৰ আলীয়ে নিজকে আৰক্ষী অধীক্ষকৰ দেহৰক্ষী বুলি পৰিচয় দি একাংশ লোকৰ পৰা ধন সৰকাই আহিছিল বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিছে ৷ ইয়াৰোপৰি নৱ প্ৰজন্মৰ একাংশক ড্ৰাগছৰ সৈতে জড়িত কৰাই গ্ৰেপ্তাৰৰ ভাবুকিৰে ধন সংগ্ৰহ কৰাৰ অভিযোগো উত্থাপন হৈছে আলীৰ বিৰুদ্ধে ৷ তাৰোপৰি অঞ্চলটোত দীৰ্ঘদিন ধৰি একাংশ স্থানীয় উদণ্ড যুৱকৰ দলক লগত লৈ পিষ্টল দেখুৱাই ৰাইজক ভয় ভাবুকি প্ৰদানৰ অভিযোগো উত্থাপিত হৈছে কনিষ্টবল জনৰ বিৰুদ্ধে ৷

ইফালে শনিবাৰে এজন স্থানীয় লোকে কনিষ্টবলজনৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিতেই ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰক্ষী কনিষ্টবলজনক ৷

ইতিমধ্যে কনিষ্টবলজনক সোধ পোছ অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে ৷ হাইদৰ আলীক জেৰা কৰাৰ অন্তত বহু তথ্য ধুবুৰী আৰক্ষীয়ে লাভ কৰিছে যদিও তদন্তৰ খাতিৰত এতিয়াও প্ৰকাশ কৰা নাই ৷

শনিবাৰে ধুবুৰী আদালতত হাজিৰ কৰে ধৃত কনিষ্টবল হাইদৰ আলীক ৷ আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে অভিযুক্ত কনিষ্টবল গৰাকীক জেল হাজোতলৈ প্ৰেৰণ কৰে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Viral Video: চুলাই ভাটিত সুখনিদ্ৰাত আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.