ETV Bharat / state

ধুবুৰীত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ বিশাল গণ বিক্ষোভ

বিজেপি চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি ধুবুৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ধুবুৰী জিলা কংগ্ৰেছৰ কৰ্মকৰ্তা সকলে। মহিলা কংগ্ৰেছ, জিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ প্ৰতিবাদত কঁপিল ধুবুৰী চহৰ।

author img

By

Published : Nov 7, 2019, 8:44 PM IST

ধুবুৰী

ধুবুৰী, 7 নৱেম্বৰ : সমগ্ৰ ভাৰতবৰ্ষত অৰ্থনৈতিক মন্দাৱস্থা, নিবনুৱা সমস্যা, নিত্য ব্যৱহাৰ্য্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে সমগ্ৰ দেশৰ কেইবাটাও জ্বলন্ত সমস্যা ৰাইজৰ আগত দাঙি ধৰি বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ প্ৰমাণ দিবলৈ সাজু হৈছে কংগ্ৰেছ দল । নিখিল ভাৰত কংগ্ৰেছ কমিটি আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মতে, চলিত মাহৰ 5 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ সমগ্ৰ দেশজুৰি এনে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লৈছে কংগ্ৰেছে।

কংগ্ৰেছৰ বিশাল গণ বিক্ষোভ

বৃহস্পতিবাৰে ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত কংগ্ৰেছ কৰ্মী, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, ৰাষ্ট্ৰীয় ছাত্ৰ সংগঠনৰ স'তে শতাধিক প্ৰতিবাদীয়ে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ জিলা কংগ্ৰেছৰ এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কাষত অৱস্থিত মুখ্য ডাক সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ প্ৰতিবাদকাৰীয়ে ।

এফালে যদি মধ্যাহ্ন ভোজনৰ দাবীত মহিলা কংগ্ৰেছৰ প্ৰতিবাদী শ্লোগান, আনফালে আকৌ জিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ চৰকাৰ বিৰোধী শ্লোগান৷ মুঠৰ ওপৰত বৃহস্পতিবাৰে কংগ্ৰেছৰ প্ৰতিবাদত কঁপিল ধুবুৰী চহৰ। জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ চৰকাৰৰ নেতৃত্বত কেবাজনো জ্যেষ্ঠ কংগ্ৰেছী, বিধানসভাৰ দলীয় মনোনীত প্ৰাৰ্থীসকলৰ লগতে প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰী উপস্থিত থাকে প্ৰতিবাদী কাৰ্যসূচীত।

Intro:ধুবুৰীত কংগ্ৰেছৰ বিশাল গণ বিক্ষোভ। বিজেপি চৰকাৰৰ বিৰুদ্ধে এই বিক্ষোভ প্ৰদৰ্শন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ধুবুৰী জিলা কংগ্ৰেছৰ কৰ্মকৰ্তা সকলে। এফালে যদি মহিলা কংগ্ৰেছ আনফালে আকৌ জিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। মুঠৰ ওপৰত আজি কংগ্ৰেছৰ প্ৰতিবাদত কঁপিল ধুবুৰী চহৰ।

Body: সমগ্ৰ ভাৰতবৰ্ষত অৰ্থনৈতিক মন্দাৱস্থা, নিবনুৱা সমস্যা, নৃত্য ব্যৱহাৰ্য্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিকে সমগ্ৰ দেশৰ কেইবাটাও জ্বলন্ত সমস্যা ৰাইজৰ আগত দাঙি ধৰি বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ প্ৰমাণ দিবলৈ সাজু হৈছে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ। নিখিল ভাৰত কংগ্ৰেছ কমিটি আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মতে, যোৱা পাঁচ নৱেম্বৰৰ পৰা পোন্ধৰ নৱেম্বৰ লৈকে সমগ্ৰ দেশজুৰি এনে বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লৈছে কংগ্ৰেছে। আজি ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত কংগ্ৰেছ কৰ্মী, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, এন এছ ইউ আইৰ ফালৰ পৰা শতাধিক প্ৰতিবাদীয়ে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ অংশগ্ৰহণ কৰে জিলা কংগ্ৰেছৰ এই বিক্ষোভ কাৰ্য্যসূচীত। ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ কাষতেই অৱস্থিত মুখ্য ডাক সংমণ্ডলৰ কাৰ্য্যালয়ৰ সন্মুখৰ পথৰ দুয়োকাষে অৱস্থান কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। এফালে যদি মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ চাকৰি বাহাল ৰখাৰ দাবীত মহিলা কংগ্ৰেছৰ প্ৰতিবাদী শ্লোগান। আনফালে আকৌ জিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ চৰকাৰ বিৰোধী শ্লোগান। মুঠৰ ওপৰত আজি বৃহস্পতিবাৰে কংগ্ৰেছৰ প্ৰতিবাদত কঁপিল ধুবুৰী চহৰ। জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ চৰকাৰৰ নেতৃত্বত কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছী, বিধানসভাৰ দলীয় মনোনীত প্ৰাৰ্থী সকল আৰু মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ ফালৰ পৰা প্ৰায় দুই শতাধিক উপস্থিত থাকে এই প্ৰতিবাদী কাৰ্য্যসূচীত। কংগ্ৰেছৰ মতে, বিগত পঞ্চল্লিশ বছৰত দেশ এনে পৰ্য্যায়লৈ যোৱা নাই। কিন্তু বিজেপি চৰকাৰৰ দিনত দেশৰ অর্থনৈতিক অৱস্থা দিনকদিনে বেয়াৰ ফালে গতি কৰিছে। সেয়ে বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ ছবি ৰাইজৰ আগত দাঙি ধৰাৰ উদ্দেশ্যে এই কাৰ্য্যসূচী লোৱাৰ বিপৰীতে এটা সময়ত ৰাইজে সঠিক উত্তৰ দিব বুলি আশা প্ৰকাশ কৰে কংগ্ৰেছে।

Byte:- (06) উত্তম কুমাৰ সৰকাৰ, জিলা সভাপতি
(07) আব্দুৰ ৰসিদ, জ্যেষ্ঠ কংগ্ৰেছী।

Conclusion:উল্লেখযোগ্য যে, কংগ্ৰেছে দেশজুৰি দহ দিনীয়া প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ পিছত এতিয়া বিজেপি চৰকাৰে কি ভূমিকা পালন কৰে সেয়েহে হব লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.