ETV Bharat / state

Mira Borthakur Slams Assam CM : হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এখন ধাৰ কৰা চৰকাৰ; মীৰা বৰঠাকুৰ - Congress marks 1st anniversary of Bharat Jodo

ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ এবছৰ পূৰ্তি উপলক্ষে ধুবুৰীত কংগ্ৰেছৰ বিশেষ কাৰ্যসূচী ৷ এই পদযাত্ৰাত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে ৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এখন ধাৰ কৰা চৰকাৰ আৰু ৰাইজেও হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে পৰিৱৰ্তন বিচাৰিছে বুলি কয় তেওঁ ৷

Congress Leader Mira Borthakur Slams CM
কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ
author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 9:46 PM IST

ধুবুৰীত কংগ্ৰেছৰ বিশেষ কাৰ্যসূচী

ধুবুৰী, 7 ছেপ্টেম্বৰ : INDIA বিতৰ্কক লৈ মুখ্যমন্ত্ৰীক শিশুৰ লগত তুলনা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ ৷ ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ এবছৰ পূৰ্তি উপলক্ষে ধুবুৰীত কংগ্ৰেছৰ বিশেষ কাৰ্যসূচী ৷ কাৰ্যনিৰ্বাহক সভাৰ অন্তত বিশাল পদযাত্ৰা কংগ্ৰেছৰ ৷ এই পদযাত্ৰাত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে ৷

INDIA বিতৰ্ক সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী গৰাকীয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয়, কিন্তু তেওঁৰ মনটো শিশু সুলভ ৷ তেওঁ কিছুমান কথা নাজানে ৷ আচলতে শিশু বুলি কলে ভুল হ’ব, কাৰণ শিশু সকলে মনত ইমান বেয়া ভাৱ নাৰাখে ৷ কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী মিত্ৰজোঁট INDIA ক লৈ ব্যাপক চৰ্চা তথা বিতৰ্ক চলি থকাৰ সময়তে দেশৰ নাম ইণ্ডিয়া আঁতৰাই ভাৰত কৰাৰ বাবে বিজেপি চৰকাৰে উঠিপৰি লগাৰ সময়তে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীক উভতি ধৰি এইদৰেই সমালোচনা কৰিলে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে ৷

তেওঁ লগতে কয় যে, যদি দেশৰ নাম ইণ্ডিয়া আঁতৰাই ভাৰত কৰা হয় তেন্তে ভাৰতীয় নোট আৰু মুদ্ৰাত থকা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ক্ষেত্ৰত কি কৰিব, আকৌ নোট বন্দী কৰিব নেকি চৰকাৰে ৷ এইবোৰ অবান্তৰ কথা কৈছে হিমন্ত বিশ্ব শৰ্মাই ৷ ইফালে আজিৰ তাৰিখত কংগ্ৰেছে আগন্তক 2024 ৰ লোকসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু বুলি কৈ বিজেপিৰ তানাশ্বাহী চৰকাৰক উফৰাই এইবাৰ কংগ্ৰেছৰ নেতৃত্বত INDIAই চৰকাৰ গঠন কৰিব বুলি দাবী কৰে মীৰা বৰঠাকুৰে ৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ হাতত কোনো ইছ্যু নাই বুলি কৈ লগতে মীৰা বৰঠাকুৰে কয় যে, অসমৰ কথা যদি কবলৈ যাওঁ, নিবনুৱাক সংস্থাপন দিব পৰা নাই, কেইখনমান দলং হৈছে, মূল্যবৃদ্ধি আকাশলংঘী হৈছে ৷ ৰাইজে বুজি উঠিছে যে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এখন ধাৰ কৰা চৰকাৰ আৰু ৰাইজেও হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে পৰিৱৰ্তন বিচাৰিছে বুলি কয় তেওঁ ৷

ইফালে 24 ঘণ্টাই বিজুলী যোগান দিম বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান অসহায় স্বীকাৰোক্তি দিছে আৰু ৰাইজৰ ওচৰত হাত পাতিছে বুলি উল্লেখ কৰে মীৰা বৰঠাকুৰে ৷ আনহাতে বদৰুদ্দিন আজমলকো সমালোচনা কৰি মীৰা বৰঠাকুৰে কয় যে, মামা আৰু চাচাৰ মিত্ৰতা আছে আৰু সদায় থাকিব ৷ উল্লেখ্য যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ "ভাৰত জোড়ো" কাৰ্যসূচীৰ এবছৰ পূৰ্তি উপলক্ষে বৃহস্পতিবাৰে ধুবুৰীৰ ৰাজীৱ ভৱনৰ পৰা এক বিশাল পদযাত্ৰা উলিয়াই দলটোৱে ৷ পদযাত্ৰাত অংশ লোৱা কংগ্ৰেছৰ দলীয় নেতা-কৰ্মীয়ে হাতে হাতে দলীয় পতাকা লৈ ৰাহুল গান্ধীৰ সমৰ্থনত বিভিন্ন শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে ৷

পিছত সাংবাদিকৰে হোৱা কথা-বতৰাত কংগ্ৰেছী নেত্ৰী মীৰা বৰঠাকুৰে 24ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত গঠিত হোৱা INDIA মিত্ৰজোঁটে কেন্দ্ৰত চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ৷ পদযাত্ৰাৰ পূৰ্বে ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামান জুৱেলৰ পৌৰোহিত্যত ৰাজীৱ ভৱনত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ এই সভাত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ, বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু আব্দুছ ছোৱাহান আলী সৰকাৰকে ধৰি কেইবাজনো বক্তাই বিজেপি আৰু এ আই ইউ ডি এফক লক্ষ্য কৰি বক্তব্য প্ৰদান কৰাৰ লগতে দলৰ সাংগঠনিক দিশতো বিভিন্ন দিশ সামৰি লৈ ভাষণ প্ৰদান কৰা পৰিলক্ষিত হয় ৷

সভা অনুষ্ঠিত হোৱাৰ পিছতেই ধুবুৰী চহৰত উলিওৱা হয় পদযাত্ৰা ৷ এই কাৰ্যসূচীত মীৰা বৰঠাকুৰৰ উপৰিও কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, বিধায়ক ৱাজেদ আলী চৌধুৰী, ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামান, জিলাখনৰ মহিলা কংগ্ৰেছ সভানেত্ৰী বেবী বেগম প্ৰমুখ্যে দলটোৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকী নেতা আৰু বিষয়ববীয়াই অংশ লয় ৷

লগতে পঢ়ক : Sibamoni Bora Slams BJP : বাজপেয়ী ভৱনত তিনিটা টকা গণিব পৰা মেচিন আছে; শিবামণি বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.