ETV Bharat / state

ধুবুৰীত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ যৌথ কৰ্মী সভা - গৌৰীপুৰৰ আলমগঞ্জ সমীপৰ ১৪৬৯ নং আলোমগঞ্জ ট্ৰেইবেল এল পি স্কুল

বি টি চি নিৰ্বাচন সমাগত, ক‘ৰণা সংহাৰৰ মাজতেই বিটিচিত নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ নেতা কৰ্মী সকলে।

CONG AIUDF JOINT WORKERS MEETING dhuburi
ধুবুৰীত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ যৌথ কৰ্মী সভা
author img

By

Published : Jun 23, 2020, 10:44 PM IST

ধুবুৰী,23জুনঃ বিটিচি পৰিষদীয় নিৰ্বাচন সমাগত নিৰ্বাচনৰ প্ৰাক ক্ষণত কংগ্ৰেছ আৰু এ আই ইউ ডি এফে ৰাজনৈতিক মিত্ৰতা কৰি একেলগে বিপিএফ আৰু ইউ পি পি এলৰ বিৰুদ্ধে যুজঁ দিয়া আৰম্ভ কৰিছে। ইতিমধ্যে কোকৰাঝাৰ জিলাৰ কেইবাটাও সমষ্টিত উভয় দলৰ কৰ্মী সকলৰ সৈতে আলোচনা কৰি দলৰ আস্থা ঘূৰাই অনাৰ লগতে একপ্ৰকাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে।

CONG AIUDF JOINT WORKERS MEETING dhuburi
ধুবুৰীত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ যৌথ কৰ্মী সভা

মঙলবাৰে ধুবুৰী জিলাৰ গৌৰীপুৰৰ আলমগঞ্জ সমীপৰ ১৪৬৯ নং আলোমগঞ্জ ট্ৰেইবেল এল পি স্কুলত এ আই ইউ ডি এফৰ ধুবুৰীৰ বিধায়ক নজৰুল হকৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি যৌথ কৰ্মী সভা। সভাখনত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা আই টি চেলৰ অধ্যক্ষ অপূৰ্ব ভট্টাচাৰ্য, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা বিটিচি নিৰ্বাচনৰ দায়িত্বত থকা দুৰ্গা দাস বড়ো, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান। একেদৰে এ আই ইউ ডি এফৰ ফালৰ পৰা দলৰ সাধাৰণ সম্পাদক অমিনুল ইছলাম আৰু বিধায়ক নজৰুল হক, বিধায়ক নিজানুৰ ৰহমান আৰু বিধায়ক তথা দলৰ সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদ কাঁচিমিৰ লগতে জিলা এ আই ইউ ডি এফৰ সভাপতি মৌলানা আব্দুল মজিদকে ধৰি উভয় দলৰ কৰ্মী সকল।

ইপিনে সভাখনত দুয়োখন দলৰ ৰাজনৈতিক মিত্ৰতা হোৱা বুলি উভয় দলৰ কৰ্মী সকলৰ মাজত স্থিতি ঘূৰাই অনাৰ বাবেই এইদৰে কৰ্মী সভা অনুষ্ঠিত কৰে। সভাৰ অন্তত বিটিচি নিৰ্বাচনত কংগ্ৰেছে ১৩ খন আসনত আৰু এ আই ইউ ডি এফে ৭ খন আসনত প্ৰতিদ্বন্দিতা কৰিব। যদিও ইয়াৰে কমেও ১৫ খন আসন লাভ কৰিব বুলি সদৰী কৰে লগতে বিজেপি, বিপিএফৰ লগতে প্ৰমোদ বড়ো মিলি দুই তিনিখন আসনহে পাব বুলি দাবী কৰে কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োৱে ।লগতে পঢকঃ মিৰ্জাপুৰ অভিনেত্ৰী অনংশা বিশ্বাসে কি ক'লে নিজৰ ডিপ্ৰেছন সন্দৰ্ভত ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.