নগাওঁ,১৬ ফেব্ৰুৱাৰীঃ সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন ঠাইত জম্মু কাশ্মীৰত নিহত ভাৰতৰ বীৰ জোৱান সকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। নগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন গ্ৰাম বিকাশ পৰিষদৰ উদ্য়োগত শ্বহীদ জোৱান সকলৰ আত্মাৰ সদগতিৰ কামনাৰে সমবেদনা জ্ঞাপন কৰে স্থানীয় ৰাইজে।
গোৱালপাৰাতো ব্যৱসায়ী সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত মমবাতি জ্বলাই এক বিশাল ৰেলী উলিওৱা হয়। উক্ত ঘটনা সন্দৰ্ভত ভাৰত চৰকাৰক কঠোৰতম পদক্ষেপ ল'বলৈ আহ্বান জনাই গোৱালপাৰা ব্যৱসায়ী সন্থা আৰু স্থানীয় ৰাইজে। সন্ত্ৰাসবাদৰ বিৰোধিতা কৰি গোৱালপাৰাৰ ৰাইজে পাকিস্তান মূর্দাবাদ,সন্ত্ৰাসবাদ নিপাত যাওক, পাকিস্তান হুচিয়াৰ আদি ধ্বনিৰে উত্তাল কৰি তোলে গোৱালপাৰাৰ ৰাজপথ।