ETV Bharat / state

চালকক ধন দাবী কৰি গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান

author img

By

Published : Dec 6, 2020, 2:22 PM IST

সমগ্ৰ ধুবুৰী জিলাত চলি থকা বিভিন্ন অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ বাবে ধুবুৰী আৰক্ষীয়ে চাপৰ থানাৰ অন্তৰ্গত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বহুৱাইছিল তালাচী চকী ৷ এই তালাচী চকীতে কৰ্তব্যৰত গৃহৰক্ষী জোৱান দিলদাৰ হুছেইনে ধন দাবী কৰাৰ বাবে গ্ৰেপ্তাৰ হ’বলগীয়া হয় ৷

As_BLP_EAST_chapar-home-guard-arrest_vis_ASC10022
চালকক ধন দাবী কৰি গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান

ধুবুৰী, 6 ডিচেম্বৰ : পূৱ বিলাসীপাৰাৰ চাপৰত ধন দাবীত নামি পৰিছে খাকী পোছাক ধাৰী ৷ আই পি এছ বিষয়াৰ ভয় দেখুৱাই চালকক ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ’ল গৃহৰক্ষী জোৱান ৷ ধন দাবীৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতেই ধুবুৰী আৰক্ষী অধীক্ষকৰ নিৰ্দেশত গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান দিলদাৰ হুছেইন ৷

উল্লেখ্য যে, সমগ্ৰ ধুবুৰী জিলাত চলি থকা বিভিন্ন অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ বাবে ধুবুৰী আৰক্ষীয়ে চাপৰ থানাৰ অন্তৰ্গত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বহুৱাইছিল তালাচী চকী ৷ কিন্তু চাপৰ থানাৰ একাংশ খাকী পোছাক ধাৰী বিষয়াই তালাচীৰ নামত দীৰ্ঘ দিন ধৰি ৰাইজৰ পৰা ধন দাবী কৰি আহিছিল ৷

ধন দাবীৰ সমগ্ৰ দৃশ্য চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে ক্ষুব্ধ হৈ পৰে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱমনি দাস । শনিবাৰে নিশা বিষয়া দুয়োগৰাকীয়ে চাপৰ থানাত উপস্থিত হৈ সমগ্ৰ বিষয়টো তদন্ত কৰি গৃহৰক্ষী জোৱান দিলদাল হুছেইনক গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়ক-হাগ্ৰামাক জেললৈ পঠিয়ালে হিমন্তকো পঠাব লাগিব : আব্দুল খালেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.