ধুবুৰী, 25 ছেপ্টেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় চোৰাং বেপাৰী তথা চোৰাং ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান অব্যাহত ধুবুৰী আৰক্ষীৰ। গৌৰীপুৰ আৰক্ষী থানাত ৮৭৬/১৯ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিতে ধুবুৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ বাংলাদেশলৈ গৰুৰ চোৰাং কাৰবাৰ চলাই অহা ছিণ্ডিকেটৰ জাহাংগীৰ আলম,আব্দুল জুব্বাৰ আৰু মুন্না শইকীয়াকে ধৰি আঠজনকৈ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰি ধুবুৰী আদালতত হাজিৰ কৰায় আৰক্ষীয়ে। ইয়াৰ পিছতেই ধুবুৰী জিলা বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক শেখৰজ্যোতি ৰায়ৰ নেতৃত্বত গৌৰীপুৰ আৰক্ষীৰ দল এটাই দুদিনমান পূৰ্বে অৰ্থাৎ বিগত 21 চেপ্তেম্বৰত বি টি এ ডিৰ শিমূলটাপু গাঁৱত অভিযান চলাই হাফিজুৰ ৰহমান নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে।
আনহাতে গ্ৰেপ্তাৰ হোৱা হাফিজুৰ ৰহমানক বুধবাৰে পুনৰ ধুবুৰী আদালতত হাজিৰ কৰাই দুদিনৰ বাবে জিম্মালৈ নিয়ে আৰক্ষীয়ে। বিগত দুদিনত হাফিজুৰক জেৰা কৰাৰ বিপৰীতে হাফিজুৰৰ ঘৰত অভিযান চলাই এটা চীনত নিৰ্মিত ৩.২ এম এম পিষ্টল আৰু তিনি জাই সজীৱ গুলি উদ্ধাৰ কৰে বুলি আৰক্ষীয়ে সদৰী কৰে ।
ইপিনে মঙলবাৰে ধৃত হাফিজুৰ ৰহমানক আৰক্ষীয়ে ধুবুৰী আদালতত হাজিৰ কৰাই অধিক তথ্য উদঘাটনৰ বাবে পুনৰ এক সপ্তাহৰ জিম্মালৈ নিবলৈ আদালতত আবেদন কৰে যদিও আদালতে ছয় দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷