ETV Bharat / state

এসময়ৰ পঞ্চায়ত প্ৰতিনিধি এতিয়া আন্তঃৰাষ্ট্ৰীয় চোৰাং গৰু বেপাৰী ! - ETV_BHARAT_ASSAM

ধুবুৰীত গ্ৰেপ্তাৰ এই আন্তঃৰাষ্ট্ৰীয় চোৰাং গৰু বেপাৰীটো । ধুবুৰী আৰক্ষীৰ এটা দলে অভিযান চলাই দক্ষিণ শালমাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে মন্তাজ আলী প্ৰধানী নামক কুখ্যাত চোৰাং গৰু বেপাৰীটোক ।

বাংলাদেশলৈ চালান অসমৰ গৰু
author img

By

Published : Jul 5, 2019, 3:31 PM IST

ধুবুৰী, 5 জুলাইঃ এইবাৰ ধুবুৰীত গ্ৰেপ্তাৰ চোৰাং গৰু বেপাৰী ৷ ধুবুৰী আৰক্ষীৰ দল এটাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে দক্ষিণ শালমাৰাৰ চোৰাং গৰু বেপাৰী মন্তাজ আলী প্ৰধানীক ৷ এই চোৰাং গৰু বেপাৰীটোৱে দীৰ্ঘ দিনৰে পৰা ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলা সীমান্তেৰে চলাই আহিছিল পশুধনৰ চোৰাং চালান। উল্লেখ্য যে,ভাৰতৰ পৰা বাংলাদেশলৈ জাকে জাকে গৰু চালান দি আহিছে আন্তঃৰাষ্ট্ৰীয় গৰুৰ চোৰাং ব্যৱসায়ীয়ে। ইপিনে কেন্দ্ৰীয় চৰকাৰে এই চোৰাং কাৰবাৰ ৰোধ কৰাৰ বাবে বিভিন্ন সময়ত ব্যৱস্থা গ্ৰহণ কৰি অহাৰ লগতে সীমান্ত সুৰক্ষা বাহিনীয়ে সীমান্তত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ পিছতো বন্ধ কৰিবলৈ সক্ষম হোৱা নাই দেশৰ প্ৰতি ভাবুকি অনা এই চোৰাং কাৰবাৰ। আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৰুৰ ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ হোৱাৰ পিছত অসম আৰক্ষীয়ে যোৱা কেইদিনমানৰ পৰা চোৰাং কাৰবাৰৰ বিৰুদ্ধে অভিযান চলাই আহিছিল যদিও সফল হ'ব পৰা নাছিল ৷ কিন্তু ধুবুৰী আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলাই দক্ষিণ শালমাৰাৰ ভাৰত বাংলা সীমান্তৰ পোৰাৰ চৰৰ পৰা মন্তাজ আলী নামৰ এইজন কুখ্যাত গৰুৰ চোৰাং বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

এসময়ৰ পঞ্চায়ত প্ৰতিনিধি এতিয়া আন্তঃৰাষ্ট্ৰীয় চোৰাং গৰু বেপাৰী !

ইপিনে গৰুৰ চোৰাং কাৰবাৰৰ সৈতে জড়িত থকা এইজন মন্তাজ আলী প্ৰধানীক শুকুৰবাৰে ধুবুৰী আদালতত হাজিৰ কৰাই আৰক্ষীৰ জিম্মাত নিয়ে ৷জানিব পৰা মতে, এইজন মন্তাজ আলী নামৰ গৰুৰ চোৰাং বেপাৰী এটা সময়ত পোৰাৰ চৰ পঞ্চায়তৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছিল ।উল্লেখযোগ্য যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কুখ্যাত গৰুৰ চোৰাং বেপাৰীক জেৰা কৰাৰ পিছত মন্তাজ আলীৰ নেতৃত্বত চলা চোৰাং গৰু সৰবৰাহ চক্ৰৰ সকলো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে যদিও আৰক্ষীৰ জেৰাত কি তথ্য পোহৰলৈ আহে সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ'ব ।

Intro: এইবাৰ ধুবুৰীত গ্ৰেপ্তাৰ কুখ্যাত গৰু বেপাৰী। ধুবুৰী আৰক্ষীৰ দল এটাই অভিযান চলাই দক্ষিণ শালমাৰাৰ গৰু বেপাৰী মন্তাজ আলী প্ৰধানীক গ্ৰেপ্তাৰ কৰি চলাইছে জেৰা।

Body: দীৰ্ঘ দিনৰে পৰা ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলা সীমান্তইদি চলি আহিছে পশুধনৰ চোৰাং চালান। ভাৰতৰ পৰা বাংলাদেশলৈ জাকে জাকে গৰু চোৰাং ভাবে বাংলাদেশলৈ চালান দি আহিছে আন্তঃৰাষ্ট্ৰীয় গৰুৰ চোৰাং ব্যৱসায়ীয়ে। ইপিনে কেন্দ্ৰীয় চৰকাৰে এই চোৰাং কাৰবাৰ ৰোধ কৰাৰ বাবে বিভিন্ন সময়ত ব্যৱস্থা গ্ৰহণ কৰি অহাৰ লগতে সীমান্ত সুৰক্ষা বাহিনীয়ে সীমান্তত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ পিছতো বন্ধ কৰিবলৈ সক্ষম হোৱা নাই দেশৰ প্ৰতি ভাবুকি অনা এই চোৰাং কাৰবাৰ। আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৰুৰ ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ হোৱাৰ পিছত অসম আৰক্ষীয়ে যোৱা কেইদিনমানৰ পৰা চোৰাং কাৰবাৰৰ বিৰুদ্ধে অভিযান চলাইছে। যদিওঁ এতিয়ালৈ সফল হব পৰা নাই। কিন্তু ধুবুৰী আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলাই দক্ষিণ শালমাৰাৰ ভাৰত বাংলা সীমান্তৰ পোৰাৰ চৰৰ পৰা মন্তাজ আলী নামৰ এইজন কুখ্যাত গৰুৰ চোৰাং বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ইপিনে গৰুৰ চোৰাং কাৰবাৰৰ সৈতে জড়িত থকা এইজন মন্তাজ আলী প্ৰধানীক আজি ধুবুৰী আদালতত হাজিৰ কৰাই আৰক্ষীৰ জিম্মাত নিব বুলি উল্লেখ কৰে ধুবুৰী জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাই।

Byte:- নিৰূপম হাজৰিকা, অতিৰিক্ত আৰক্ষী অধীক্ষক।

জানিব পৰা মতে, এইজন মন্তাজ আলী নামৰ গৰুৰ চোৰাং বেপাৰী এটা সময়ত পোৰাৰ চৰ পঞ্চায়ত প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছিল।

Conclusion: উল্লেখযোগ্য যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কুখ্যাত গৰুৰ চোৰাং বেপাৰীক জেৰা কৰাৰ পিছত মন্তাজ আলীৰ নেতৃত্বত চলা চোৰাং গৰু সৰবৰাহ চক্ৰৰ সকলো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। যদিওঁ আৰক্ষীৰ জেৰা কি তথ্য পোহৰলৈ আহে সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হব।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.