পশ্চিম বিলাসীপাৰা, 3 অক্টোবৰঃ ধুবুৰী জিলাৰ পূব বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ধুলাপাৰাত দ্বীপো নৈৰ ওপৰত বিগত কুৰিটা বছৰে ওলমি আছে এখন দলং ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সুৰ্যখাতাৰ পৰা বিলাসীপাৰা মহকুমা অসামৰিক চিকিৎসালয় হৈ লক্ষীগঞ্জ লৈ যোৱা গড়কাপ্তানি পথছোৱাত আছে দলংখন ৷
উল্লেখযোগ্য যে, পথটোত থকা এই দলং খন প্ৰায় কুৰি বছৰ পূৰ্বে নৈখনৰ বাঢ়নী পানীৰ সোঁতত মাজভাগ বহি যোৱাৰ লগতে দলংখনৰ দুয়োপাৰ পানীত সোঁতত ছিঙি যায় ৷ যাৰ ফলত পথটো আৰু দলং খনেৰে যাতায়ত কৰা অঞ্চলটোৰ 20 খনৰো অধিক গাঁৱৰ ৰাইজে দুৰ্ভোগ ভূগিব লগীয়া হৈ আহিছে ৷ এই ক্ষেত্ৰত কোনো এগৰাকী জনপ্ৰতিনিধিয়ে কানসাৰ নিদিয়াৰো অভিযোগ ৰাইজৰ ৷
শেহতীয়াকৈ অঞ্চলবাসীয়ে স্থানীয় সাংসদ বদৰুদ্দিন আজমল আৰু বিধায়ক অশোক কুমাৰ সিংহীক বহুবাৰ আবেদন নিবেদন কৰিও কোনো সুফল নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ উপায়ন্তৰ হৈ অঞ্চলবাসীয়ে নিজৰ গাঁঠিৰ ধনেৰে শ্ৰমদান কৰি নিৰ্মাণ কৰি উলিইছে দলং খনৰ দুয়ো মুৰে বাঁহৰ দলং ৷ শুকুৰবাৰে স্থানীয় ৰাইজে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আনুষ্ঠানিকভাৱে বাঁহৰ দলং খন ৰঙা ফিটা কাটি উদ্ধোধন কৰে ৷ দলং খন উদ্বোধন কৰি ৰাইজে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলং খন পুনৰ নিৰ্মাণ কৰি দিয়াৰ লগতে পথটোৰ মেৰামতিৰ দাবী তুলিছে ৰাইজে ৷ অন্যথা সমাগত বিধান সভা নিৰ্বাচনৰ ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি স্থানীয় ৰাইজে উল্লেখ কৰে ৷