ধুবুৰী,26 ফেব্ৰুৱাৰী: বুধবাৰে নিশা ধুবুৰী আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলায় ধুবুৰী চহৰৰ দহ নং ৱাৰ্ডত ৷ উল্লেখযোগ্য যে, দহ নং ৱাৰ্ডৰ বাসিন্দা ছমিৰ শেখ নামৰ লোকজনৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই দুটাকৈ হস্ত নিৰ্মিত বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
আনহাতে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ছমিৰ শেখ নামৰ লোকজনক কৰায়ত্ত কৰি থানালৈ লৈ যায় আৰক্ষীয়ে । সম্প্ৰতি ধৃত ছমিৰ শেখক জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে । আৰক্ষীৰ জেৰাত কি কি তথ্য উদঘাটন হয় সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ’ব ।
লগতে পঢ়ক: মুকেশ আম্বানীৰ বাসগৃহৰ ওচৰত বিস্ফোৰক ভৰ্তি বাহন উদ্ধাৰ