ধুবুৰী, 14 ছেপ্তেম্বৰ : চৰকাৰ প্ৰশাসনৰ নিষেধাজ্ঞা সত্বেও ধুবুৰীৰ ব্ৰহ্মপুত্ৰ বক্ষত অবৈধভাৱে চলাচল কৰিছে যন্ত্ৰ চালিত নাও । তাৰমাজতে মঙলবাৰে বিপদ সংকুলভাৱে যাতায়ত কৰি থকা যন্ত্ৰ চালিত নাৱৰ বিৰুদ্ধে আভ্যন্তৰীণ জল পৰিবহন বিভাগ আৰু আৰক্ষীয়ে অভিযান চলাই পাঁচ খন নাওসহ পাঁচজনকৈ নাৱৰীয়াক আটক কৰে ।
উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰৰ বুকুত নাও চলাচল বন্ধ হৈ থকাৰ সময়তে মঙলবাৰে ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ ভাৰত বাংলা সীমান্তৰ মহমায়াৰ চৰ, মন্ত্ৰীৰ চৰ, বৰাইৰ আলগা, পাটামাৰী আদি বিভিন্ন চৰাঞ্চলৰ পৰা কেইবাখনো যন্ত্ৰ চালিত নাৱেৰে কেইবা শতাধিক যাত্ৰী ধুবুৰী অভিমুখে আহি থকা সময়তে ধুবুৰী আভ্যন্তৰীণ জলপৰিবহন বিভাগে আৰক্ষী আৰু চিআৰপিএফ বাহিনীক লগত লৈ অভিযান চলায় । তাৰপাচতে যন্ত্ৰ চালিত নাও লৈ নদীৰ মাজ ভাগত অভিযান চলাই খেদি খেদি পাঁচখনকৈ যন্ত্ৰ চালিত নাও জব্দ কৰে অভিযানকাৰী দলটোৱে ।
অভিযানত পাঁচখন যন্ত্ৰ চালিত নাওসহ পাঁচ গৰাকীকৈ নাৱৰীয়াক আটক কৰে অভিযানকাৰী দলটোৱে । আটকাধীন নাৱৰীয়া কেইজন ক্ৰমে ,মোন্নাফ আলী, খোৰছিদ আলম, আকবৰ আলী, বাদসা আলী আৰু আব্দুল মজিদ । আটাইকেইজনৰ বিৰুদ্ধে আভ্যন্তৰীণ জল পৰিবহন বিভাগে ধুবুৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰে ।
লগতে পঢ়কঃ নিমাতীঘাটৰ দুৰ্ঘটনাত মৃত্যু হোৱা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ শেষকৃত্য সম্পন্ন
কিন্তু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ বিভিন্ন চৰাঞ্চলৰ পৰা নাৱেৰে অহা লোক সকলৰ ঘৰলৈ উভতি যোৱাৰ ক্ষেত্ৰত আভ্যন্তৰীণ জল পৰিবহন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল । লক্ষণীয় বিষয় যে, যন্ত্ৰ চালিত নাওৰ চলাচল বন্ধ কৰাৰ ফলত ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ ভাৰত বাংলা সীমান্তৰ লগতে দক্ষিণ শালমাৰা সমষ্টিৰ বিভিন্ন চৰাঞ্চলৰ ৰাইজৰ বহিঃবিশ্বৰ সৈতে যোগাযোগ একপ্ৰকাৰ বিচ্ছিন্ন হৈ পৰিছে ।
উল্লেখযোগ্য যে, পূৰ্বৰে পৰাই ধুবুৰী সদৰ চহৰ হৈ বহিঃবিশ্বৰ সৈতে যোগাযোগ স্থাপন কৰি অহাৰ বিপৰীতে বিভিন্ন কাৰ্যালয়ৰ জৰুৰী কাম আৰু চিকিৎসা সেৱাকে ধৰি বিভিন্ন জৰুৰী কামৰ বাবে প্ৰতিদিনে হেজাৰ হেজাৰ লোক বিভিন্ন চৰাঞ্চলৰ পৰা নদী পথেৰে ধুবুৰীত উপস্থিত হোৱা দেখা গৈছে । তেনে সময়তে হঠাৎ নাও চলাচল বন্ধ হৈ পৰাৰ ফলত বহিঃবিশ্বৰ সৈতে একপ্ৰকাৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে প্ৰায় শতাধিক গাঁৱৰ চৰাঞ্চলৰ ৰাইজৰ ।
কেৱল ধুবুৰীৰ পৰা ফকিৰগঞ্জলৈ এখন ৰ'পেক্স জাহাজৰ ব্যৱস্থা কৰিছে যদিও বাকী অঞ্চল সমূহৰ ৰাইজৰ যাতায়তৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে । আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ধুবুৰীৰ পাঁচখনকৈ পাৰঘাটত প্ৰায় বিশ খনকৈ লঞ্চ আৰু নাও চলাচল কৰে যদিও ধুবুৰী জিলা পৰিষদৰ অধীনস্থ ধুবুৰীৰ কেইবাখনো ঘাটৰ পৰা প্ৰায় ন-শতাধিক যন্ত্ৰ চালিত নাও চলাচল কৰি আহিছে ।
লগতে পঢ়কঃ চন্দ্ৰমোহন পাটোৱাৰীক মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰাৰ দাবী শংকৰ জ্যোতি বৰুৱাৰ