ধুবুৰী,22ডিচেম্বৰঃ মঙলবাৰে ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত "সমাজ ভাষা বিজ্ঞানৰ আধাৰত অসমীয়া ভাষাৰ আলোচনা" শীৰ্ষক এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয় । অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডo উপেন্দ্ৰজিৎ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বক্তৃতানুষ্ঠানটোৰ শুভ উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডo ধ্ৰুৱ চক্ৰৱৰ্তীয়ে। ভাষণ প্ৰসংগত ডo চক্ৰৱৰ্তীয়ে অসমীয়া বিভাগৰ এই সময়োপযোগী কাৰ্যক্ৰমক প্ৰশংসা কৰি কয় যে, এনেধৰণৰ কাৰ্যই ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞান বৰ্ধনৰ দিশত বিশেষ সহায়ক হ'ব । আদৰণী ভাষণত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডo উপেন্দ্ৰজিৎ শৰ্মাই অসমীয়া ভাষাৰ ইতিহাসৰ সম্যক পৰিচয় দাঙি ধৰাৰ লগতে সমাজ ভাষা বিজ্ঞানৰ অধ্যয়নৰ সাম্প্ৰতিক প্ৰয়োজনীয়তা সম্পৰ্কে গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে ।
অনুষ্ঠানৰ বিষয় বস্তুৰ ওপৰত বিশেষ বক্তৃতা প্ৰদান কৰে চিলাৰায় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তথা ভাষাৰ গৱেষক - সাহিত্যিক ডo উমেশ দাসে । তেওঁ সমাজ ভাষা বিজ্ঞানৰ তাত্ত্বিক দিশবোৰৰ বিশদ ব্যাখ্যা দাঙি ধৰাৰ লগতে অসমীয়া ভাষাৰ সমাজতাত্ত্বিক দিশবোৰৰ সুন্দৰ বিশ্লেষণ দাঙি ধৰে। অসমীয়া ভাষাটোৰ মাজতে শ্ৰেণী, লিংগ, সমাজ, গোষ্ঠী বিশেষে ভাষাটোৱে ভিন্ন ৰূপ পৰিগ্ৰহ কৰে। ভাষণৰ মাজতে জগতৰ শ্ৰেষ্ঠ ভাষা বিজ্ঞানীসকলৰ মহান অৱদানৰ ব্যাখ্যা আগবঢ়ায় তেওঁ। অনুষ্ঠানত অসমীয়া বিভাগৰ ডo কৰুণা কান্ত দাস, ডo অলকা শৰ্মা ,আৰজুমা নাচৰিণ সৰকাৰৰ লগতে মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ -ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে । অসমৰ জাতীয় সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে ।