ETV Bharat / state

বিলাসীপাৰাত ক'লা মানুহৰ অন্ধবিশ্বাস সন্দৰ্ভত সজাগতা সভা - NGO

ক'লা মানুহৰ সম্পৰ্কে বিয়পি পৰা উৰা বাতৰিত ভোল নাযাবলৈ ৰাইজক আহ্বান বিলাসীপাৰা জিলা প্ৰশাসন আৰু মিছন বিৰুবালাৰ ৷ এচাম লোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ক'লা মানুহৰ সম্পৰ্কে উৰা বাতৰি বিয়পোৱাৰ কথা উল্লেখ কৰে বিলাসীপাৰা জিলা প্ৰশাসন আৰু মিছন বিৰুবালাৰ কৰ্মকৰ্তাই ৷

BLACK_MAN_AWERNESS_PROGRAMME_BY_DHUBRI_POLICE
বিলাসীপাৰাত আৰক্ষী-প্ৰশাসনৰ উদ্যোগত ক'লা মানুহৰ অন্ধবিশ্বাসৰ ওপৰত সজাগতা সভা
author img

By

Published : Aug 1, 2021, 7:08 AM IST

পশ্চিম বিলাসীপাৰা, 31 জুলাই : সম্প্ৰতি অসমৰ বিভিন্ন স্থানত বিৰাজ কৰিছে ক'লা মানুহ (Black Man)ৰ সন্ত্ৰাস । ক'লা মানুহৰ অন্ধবিশ্বাসৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে শনিবাৰে বিলাসীপাৰাত মহকুমাৰ আৰক্ষী উদ্যোগত আৰু ধুবুৰী প্ৰশাসনৰ সহযোগত "মিছন বিৰুবালা" (Mission Birubala)নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই এক সজাগতামূলক সভা অনুষ্ঠিত কৰে । বিলাসীপাৰাৰ গান্ধী চ'কত অনুষ্ঠিত সভাত সংগঠনটোৰ সভানেত্ৰীকে ধৰি বিষয়ববীয়াই অন্ধবিশ্বাসৰ ওপৰত এক মনোজ্ঞ আলোচনা আগবঢ়ায় । সভাত থকা বক্তাসকলে ক'লা মানুহৰ কোনো অস্তিত্ব নাই বুলি সভাত মতপোষণ কৰে ।

মিছন বিৰুবালাৰ বিষয়ববীয়াই ক’লা মানুহ (Black Man)ৰ সন্ত্ৰাসৰ বিৰুদ্ধে ৰাইজক সজাগ হোৱাৰ লগতে আৰক্ষীৰ লগত যোগাযোগ ৰাখিবলৈ আহ্বান জনায় । সম্প্ৰতি নামনি অসমত বিশেষকৈ বঙাইগাঁৱত(Bongaogaon District) ক’লা মানুহৰ আতংকৰ সৃষ্টি হৈছে । ক'লা মানুহক লৈ বঙাইগাঁৱতো এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে ৷

বিলাসীপাৰাত আৰক্ষী-প্ৰশাসনৰ উদ্যোগত ক'লা মানুহৰ অন্ধবিশ্বাসৰ ওপৰত সজাগতা সভা

ইতিমধ্যে ক'লা মানুহক লৈ আতংকৰ সৃষ্টি হোৱা জিলাসমূহত প্ৰশাসনে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । ঠায়ে ঠায়ে এনে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনক লৈ প্ৰশাসনে আৰম্ভ কৰিছে সজাগতা সভা ৷ এনে সজাগতা সভাসমূহত সকলোৱে ক’লা মানুহৰ আতংকৰ মাজত এচামে নিজৰ স্বাৰ্থ সিদ্ধি কৰাৰ কথা একমুখে স্বীকাৰ কৰিছে ৷

বঙাইগাঁৱত ক’লা মানুহৰ আতংকৰ মাজতে 24 জুলাই নিশা আৰক্ষীয়ে তিনিটা চোৰ কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ এই ঘটনাক কেন্দ্ৰ কৰি বঙাইগাঁও চহৰখনৰ মাজমজিয়াত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয় ৷ একেদৰে জিলাখনৰ কীৰ্তনপাৰাৰ দ্বিতীয় খণ্ডত 25 জুলাইৰ নিশা শিশু অপহৰণৰ চেষ্টা চলোৱাৰ এক তথ্য পোহৰলৈ আহিছিল ৷

এই অপহৰণৰ চেষ্টা চলোৱা কাণ্ডত চৰ্চিত ক’লা মানুহ (Black Man) জড়িত থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ অৱশ্যে শিশুটোৰ চিঞৰ-বাখৰত পলাই যায় অপহৰণকাৰী ৷ এনে পৰিস্থিতিত ক'লা মানুহ সম্পৰ্কে বিয়পি পৰা উৰা বাতৰিত ভোল নগৈ ৰাইজক সজাগ হ’বলৈও আহ্বান জনায় আৰক্ষীয়ে ৷

লগতে পঢ়ক : প্ৰশান্ত কিশোৰে কি পৰামৰ্শ দিছে কংগ্ৰেছ দলক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.