ETV Bharat / state

সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ধুবুৰীত বিজেপিৰ সংবাদমেল - ধুবুৰীৰ গৌৰীপুৰ

সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সংবাদমেল ৷ ধুবুৰী জিলা বিজেপি কাৰ্যালয়ত জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি মিৰ্জা খানে সংবাদমেল আয়োজন কৰে ৷

bjp-press-meet-at-dhubri
সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ধুবুৰীত বিজেপিৰ সংবাদমেল
author img

By

Published : Jan 24, 2021, 5:16 PM IST

ধুবুৰী, 24 জানুৱাৰী : অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে সাংসদ বদৰুদ্দিন আজমলে । এই অভিযোগ ধুবুৰী জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ । এক সংবাদমেল যোগে এই মন্তব্য প্ৰদান কৰিলে জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি মিৰ্জা খানে ৷

সংবাদমেলত জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি মিৰ্জা খানৰ মন্তব্য়

উল্লেখ্য যে, ধুবুৰীৰ গৌৰীপুৰৰ এখন সভাত বিজেপিক সমালোচনা কৰি পুনৰবাৰ ক্ষমতা লৈ আহিলে দেশৰ চাৰে তিনি হাজাৰ মছজিদ ভাঙি দিব বুলি এক বিতৰ্কিত মন্তব্য কৰাৰ পিচতেই জাঙুৰ খাই উঠিছে বিজেপি । ধুবুৰী জিলা বিজেপি কাৰ্যালয়ত জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি মিৰ্জা খানে এখন সংবাদমেল অনুষ্ঠিত কৰি আজমলক উভতি ধৰি কয় যে, আজমলে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰি অসমত এক সাম্প্ৰদায়িক সংঘৰ্ষ লোৱাৰ চেষ্টা কৰিছে ।

লগতে, ভৱিষ্যতে এনে মন্তব্য নকৰিবলৈ এক সকীয়নী প্ৰদান কৰাৰ আজমলক কলা পতাকা প্ৰদৰ্শন কৰি ধুবুৰী প্ৰৱেশত নিষেধ কৰিব বুলি উল্লেখ কৰে । আনহাতে, বিদেশৰ উগ্ৰপন্থী সংগঠনৰ সৈতে আজমল জড়িত আছে বুলিও অভিযোগ উত্থাপন কৰে মিৰ্জা খানে । ইপিনে, আজমলৰ বিৰুদ্ধে শীঘ্ৰেই গোচৰ ৰুজু কৰিব বুলিও উল্লেখ কৰে জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মিৰ্জা খানে ।

লগতে পঢ়ক : 73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.