ETV Bharat / state

ধুবুৰীৰ চৰ গাঁও পঞ্চায়তত বিজেপিৰ জন সম্পৰ্ক অভিযান - প্ৰতি মাহে ৮৩০ টকাকৈ প্ৰদান

ধুবুৰীত বিজেপিৰ সভাত জনতাৰ ভিৰ । সঁচাকৈয়ে দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ এইসকল লোক সভালৈ আহিছেনে ? সভাত উপস্থিত থকা একাংশ মহিলাৰ মতে,প্ৰতি মাহে ৮৩০ টকাকৈ প্ৰদান কৰিব বুলি কোৱা হৈছে তেওঁলোকক । সেয়ে, হাতে হাতে ভোটাৰ পৰিচয় পত্ৰ,পান কাৰ্ড, বেংকৰ পাচবুক লৈ সভাত উপস্থিত হ'ল বহু মহিলা ।

ধুবুৰীৰ চৰ গাঁও পঞ্চায়তত বিজেপিৰ জন সম্পৰ্ক অভিযান

author img

By

Published : Dec 21, 2020, 1:34 PM IST

ধুবুৰী, ২১ ডিচেম্বৰ: বিটিচি আৰু তিৱা পৰিষদীয় নিৰ্বাচনৰ পিছত এইবাৰ ২০২১ৰ বিধানসভা নিৰ্বাচনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে বিজেপিয়ে । শসনৰ বাঘজৰী নিজৰ হাততে ৰখাৰ লক্ষ্যৰে ৰণকৌশল যুগুত কৰিছে দলৰ শীৰ্ষ নেতৃত্বই । দেওবাৰে নিশা ধুবুৰী বিধানসভা সমষ্টিৰ ভাষাণিৰ চৰ গাঁও পঞ্চায়তত অনুষ্ঠিত হয় বিজেপিৰ জন সম্পৰ্ক অভিযান। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিজপি নেতা উত্তম কুমাৰ প্ৰসাদে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনি সম্পৰ্কে বক্তব্য আগবঢ়ায় ।

ধুবুৰীৰ চৰ গাঁও পঞ্চায়তত বিজেপিৰ জন সম্পৰ্ক অভিযান

লগতে তেওঁ কয় যে,আগন্তক বিধানসভা নিৰ্বাচনত ধুবুৰী মহকুমাৰ তিনিও খন সমষ্টিয়েই বিজেপিৰ দখললৈ যাব আৰু বিজেপিৰ প্ৰতি ভোটাৰ ৰাইজ আকৃষ্ট হৈ বিজেপিত যোগদান কৰাৰ লগতে বিজেপিৰ সভা-সমিতিলৈ সংখ্যালঘু লোকৰ সোঁত বৈছে । আনহাতে,সভাত উপস্থিত থকা একাংশ মহিলাৰ মতে,প্ৰতি মাহে ৮৩০ টকাকৈ প্ৰদান কৰাৰ আশা দেখুৱাই বিজেপিৰ কৰ্মকৰ্তাই তেওঁলোকক সভাত উপস্থিত হ'বলৈ কৈছিল ।

লগতে মহিলাসকলক ভোটাৰ পৰিচয় পত্ৰ,পান কাৰ্ড,বেংকৰ পাচবুক লৈ আহিবলৈ কোৱা হৈছিল । বিজেপিৰ এনে কাৰ্যত প্ৰশ্ন উত্থাপন হৈছে যে,ধনৰ লোভ দেখুৱাই বিজেপিয়ে গাঁৱৰ এইসকল মহিলা ভোটাৰক আকৃষ্ট কৰাৰ নতুন কৌশল অৱলম্বন কৰিছে নেকি ? ২০২১ত দিছপুৰত পুনৰ চৰকাৰ গঠন কৰিবলৈ ন ন আঁচনিৰ কথা কৈ বিজেপি আভুৱা ভাৰিছে নেকি এইসকল সহজ-সৰল ভোটাৰক ?

লগতে পঢ়ক:বৰপেটাৰ 80 বছৰীয়া বৃদ্ধৰ ব্যতিক্ৰমী পদক্ষেপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.