ধুবুৰী,24 মাৰ্চ: দুদিনীয়া নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী লৈ মঙলবাৰে ধুবুৰীত উপস্থিত হোৱা বিজেপিৰ কেন্দ্ৰীয় ষ্টাৰ কেম্পেইনাৰ তথা বিহাৰৰ কেবিনেট মন্ত্ৰী শ্বাহনাৱাজ হুছেইনে বুধবাৰে ধুবুৰীত এখন সংবাদমেল সম্বোধন কৰে । ধুবুৰীৰ জ্যেষ্ঠ নাগৰিকৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰাৰ পিছতেই সংবাদমেলৰ আয়োজন কৰে ষ্টাৰ কেম্পেইনাৰ গৰাকীয়ে । সংবাদমেলত শ্বাহনাৱাজ হুছেইনে কয়, এইবেলিও ৰাজ্যত বিজেপিৰ চৰকাৰ হোৱাৰ লগতে ধুবুৰীতো পদুম ফুলিব ৷
উল্লেখ্য যে, ধুবুৰীৰ বিজেপিৰ প্ৰাৰ্থী ডাঃ দেৱময় সান্যালক লগত লৈ অনুষ্ঠিত কৰা সংবাদমেলত কংগ্ৰেছ আৰু এ আই ইউ ডি এফক সমালোচনা কৰাৰ লগতে অসমত কেতিয়াও আজমলৰ চৰকাৰ নহয়, এআইইউডিএফ ডুবিলে, কিন্তু কংগ্রেছক লগত লৈ ডুবিলে বুলি মন্তব্য কৰে।
ইপিনে বিহাৰ বিধানসভাৰ মজিয়াত এটা ৰাজনৈতিক দলৰ নেতাই বিধানসভাৰ অধ্যক্ষক আবদ্ধ কৰাৰ অভিযোগ তুলি উক্ত ঘটনাক গৰিহণা দিয়ে বিহাৰ চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্বাহনাৱাজ হুছেইনে ।
লগতে পঢ়ক: অখিল গগৈৰ নিৰ্বাচনী প্ৰচাৰ ৰেলীত মেধা পাটকাৰ